BJP New National President:২০ জানুৱাৰীত ঘোষিত হ’ব বিজেপিৰ নতুন সভাপতিৰ নাম

আনুষ্ঠানিকতা বাকী:নীতিন নবীনেই হ'ব বিজেপিৰ নতুন সভাপতি

WhatsApp Image 2026 01 17 at 12.37.44 PM

BJP New National President:

জে পি নাড্ডাৰ উত্তৰসূৰী হোৱাৰ দিশে নীতিন নবীন ৷ বিজেপিৰ নতুন ৰাষ্ট্ৰীয় সভাপতিক লৈ চলি থকা তীব্ৰ উৎকণ্ঠা আৰু দীর্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্তত অৱশেষত অহা ২০ জানুৱাৰীত অৱসান ঘটিব। এক দুদিনীয়া নির্বাচনী প্ৰক্ৰিয়াৰ অন্তত উক্ত দিনা দলৰ নতুন সভাপতি ঘোষিত হ’ব।

দলৰ নতুন সভাপতি নির্বাচন সম্পর্কৰ্কত বিজেপিৰ ৰাষ্ট্ৰীয় ৰিটাৰ্ণিং বিষয়া কে লক্ষ্মণে জাৰি কৰা এক জাননীত এই কথা প্রকাশ পাইছে। ইপিনে, দলীয় উচ্চস্তৰীয় সূত্ৰই প্ৰকাশ কৰা অনুসৰি আগন্তুক নিৰ্বাচনত দলৰ কাৰ্যকৰী সভাপতি নীতিন নবীন বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে। নীতিনলৈ স্বয়ং প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহকে ধৰি দলৰ শীর্ষ নেতৃত্বই সমর্থন আগবঢ়াইছে বুলি সূত্রই জানিবলৈ দিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত তেওঁৰ বিৰুদ্ধে আন কোনো জ্যেষ্ঠ নেতা প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা নাই। যদি সেয়াই হয়, তেন্তে কেন্দ্রীয় মন্ত্রী জে পি নড্ডাৰ দলীয় সভাপতি পদৰ উত্তৰসূৰীত পৰিণত হ’ব নবীন।

সূত্রই লগতে জনোৱা মতে, অহা ২০ জানুৱাৰীতে দলীয় মুখ্য কার্যালয়ত প্রধানমন্ত্রী মোদী, কেন্দ্রীয় গৃহমন্ত্রী শ্বাহ আৰু নড্ডাসহ দলৰ জ্যেষ্ঠ নেতৃবৰ্গৰ উপস্থিতিত নবীনে দলৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এই সম্পর্কত একাংশ জ্যেষ্ঠ বিজেপি নেতাই জনোৱা মতে দলৰ নতুন সভাপতিৰ দায়িত্ব গ্ৰহণৰ পাছতে দলৰ সংগঠনৰ এক বৃহৎ সালসলনি ঘটাৰ সম্ভাৱনা আছে। তদুপৰি নতুন সভাপতিয়ে দায়িত্ব গ্ৰহণৰ পাছতে কেন্দ্রীয় মন্ত্রীসভাৰ সালসলনিৰো সম্ভাৱনা ব্যক্ত কৰিছে সূত্রই।

উল্লেখ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি এক নির্বাচক মণ্ডলীয়ে নির্বাচন কৰে। এইবাৰ এই নির্বাচক মণ্ডলী ৫,৭০৮ সদস্যৰে গঠন হৈছে। দলৰ ৰিটাৰ্ণিং বিষয়া লক্ষ্মণে জাননীত উল্লেখ কৰা অনুসৰি অহা ১৯ জানুৱাৰীৰ দিনৰ দুই বজাৰ পৰা চাৰি বজালৈ মনোনয়নপত্র পর্ব চলিব। তাৰ পাছতে চাৰি বজাৰ পৰা পাঁচ বজালৈ মনোনয়নপত্ৰৰ পৰীক্ষণ হ’ব। ইচ্ছুক প্রার্থীয়ে সন্ধিয়া ছয় বজালৈ মনোনয়নপত্ৰ প্ৰত্যাহাৰ কৰিব পাৰিব। পাছত একেদিনাই সন্ধিয়া ৬-৩০ বজাত দলৰ ৰিটাৰ্ণিং বিষয়াই এক প্রেছ বিবৃতি প্রকাশ কৰিব। যদি ভোটগ্রহণ অনুষ্ঠিত কৰিবলগীয়া হয় তেন্তে এই নির্বাচন পিছদিনা অৰ্থাৎ ২০ জানুৱাৰীৰ দিনৰ ১১-৩০ বজাৰ পৰা ১-৩০ বজালৈ ভোটগ্রহণ হ’ব। ফলাফল একেদিনাই ঘোষিত হ’ব। অৱশ্যে একাধিক প্রার্থীয়ে প্রতিদ্বন্দ্বিতা নকৰিলে ভোটগ্রহণৰ প্ৰয়োজন নহ’ব।

Exit mobile version