সম্ভৱ হ’ব স্মৃতি সজীৱ !

images 1 2

নিশা টোপনি যোৱাৰ পাচত আমাৰ সচেতন অৱস্থাৰ পৰা হেৰাই যায় বহুতো ঘটনা তথা প্রয়োজনীয় কথা। দীর্ঘদিন ধৰি কথা মনত থাকিলেও কেতিয়াবা টোপনিৰ পৰা উঠাৰ পাচতে অনুভূত হয় যেন হঠাৎ চিৰদিনৰ বাবে কিছুমান কথা হেৰাই গৈছে।

স্মৃষ্টিপটৰ পৰা হেৰাই যোৱা ঘটনা বা কথাবোৰ আকৌ কেতিয়াবা ঘপহকৈ মনত পৰে। সকলো কথাই মনত ৰাখিবলৈ চেষ্টা কৰিলেও দিনটোৰ কিছুমান বিশেষ কথা বা ঘটনাৱলীহে মনত থাকে। স্মৃতিক কেন্দ্ৰক কৰি ইতিমধ্যে বহু গৱেষণাই চলিছে।

এনে গৱেষণাৰ পৰা লাভ কৰা সূত্ৰক কেন্দ্ৰ কৰিয়ে পৰৱৰ্তী সময়ত নতুন নতুন তথ্য আহৰণ কৰাটো সম্ভৱ হৈছে।

শেহতীয়াভাৱে ছায়েন্স পত্রিকাত এদল গৱেষকে স্মৃতি সজীৱ কৰি ৰখা সন্দৰ্ভত কিছু মন্তব্য আগবঢ়াইছে। এই গৱেষকসকলে কৰা মন্তব্য অনুসৰি স্মৃতিশক্তিৰ বহুলাংশে নিয়ন্ত্ৰণ কৰে পি কে এম জিটা নামৰ এবিধ উৎসেচককে।

যেতিয়া এবিধ এনজাইমৰ পৰিমাণ হ্রাস হয় তেতিয়াই স্মৃতিপটৰ পৰা হেৰাই যায় কোনো বিশেষ ঘটনা। যদিহে কোনো লোকে বিশেষ ঘটনা এটা পাহৰিবলৈ চেষ্টা কৰে তেতিয়াহ’লে এইবিধ এনজাইম নিয়ন্ত্রণ কৰিলেই হ’ব।

একেদৰে এইবিধ এনজাইমৰ পৰিমাণ বৃদ্ধি কৰিও কোনো স্মৃতি সজীৱ ৰখাটো সম্ভৱ। যিকোনো বয়সৰ লোকৰ ক্ষেত্ৰতে ই হ’ব কাৰ্যকৰী। ইয়াৰ সজীৱ কৰি ৰখাৰ ক্ষেত্ৰত যিবোৰ তথ্য প্রকাশ পাইছে সেইবোৰৰ ভিতৰত বয়স্ক লোকৰ স্মৃতিয়েহে আগস্থান পাইছে।

অর্থাৎ বয়স্ক লোকৰ স্মৃতি হ্রাস পোৱা প্ৰতিৰোধ কৰিবলৈকে বিভিন্ন উপায় অৱলম্বন কৰা হৈছে। শেহতীয়াভাৱে গৱেষকসকলে যি তথ্য লাভ কৰিছে তাৰ দ্বাৰা মানসিক ৰোগৰ চিকিৎসাও সম্ভৱ হ’ব পাৰে বুলি উল্লেখ কৰিছে।

যদিহে ইয়াৰ দ্বাৰা মানসিক ৰোগৰ চিকিৎসা সম্ভৱ হয় তেতিয়া চিকিৎসা ক্ষেত্রত নতুন দিগন্তৰ সূচনা হ’ব।

Exit mobile version