IndiGo:✒️বছৰৰ শেষত একেৰাহে বিমান বাতিল কৰি সমগ্ৰ দেশৰ উড়ান ব্যৱস্থাক কিছুদিনৰ বাবে প্ৰায় স্তব্ধ কৰি দিয়া ইণ্ডিগ’ৰ বিৰুদ্ধে অৱশেষত কঠোৰ পদক্ষেপ ল’লে উড়ান নিয়ামক সংস্থা ডিৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েশ্যন (DGCA)-এ।
ইণ্ডিগ’ক মুঠ ২২.২০ কোটি টকাৰ জৰিমনা বিহিত কৰা হৈছে। লগতে উড়ান সংস্থাটোৰ শীৰ্ষ কৰ্তৃপক্ষৰ বিৰুদ্ধেও ব্যৱস্থাগত পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ ওপৰিও ইণ্ডিগ’ৰ এজন চিনিয়ৰ ভাইচ-প্ৰেছিডেণ্টক পদৰ পৰা আঁতৰাবলৈও নিৰ্দেশ দিয়া হৈছে।
ডিজিচিএৰ তদন্তত প্ৰকাশ পাইছে যে ইণ্ডিগ’ৰ উড়ান পৰিকল্পনাত গুৰুত্বপূর্ণ ত্ৰুটি আছিল। অপাৰেচনেল আৰু ৰেগুলেটৰি গাফিলতিৰ ফলতেই ডিচেম্বৰ মাহত বৃহৎ পৰিসৰৰ উড়ান বিপৰ্যয় সৃষ্টি হৈছিল।
তিনি ডিচেম্বৰৰ পৰা পাঁচ ডিচেম্বৰৰ ভিতৰত ২৫০৭খন বিমান বাতিল কৰা হয় আৰু ১৮৫২টা বিমান দেৰিকৈ চলে। ফলস্বৰূপে প্ৰায় তিন লাখৰো অধিক যাত্ৰী সমস্যাত পৰে।
ইণ্ডিগ’ৰ মালিক সংস্থা ইণ্টাৰগ্লোব এভিয়েশ্যন লিমিটেডে জনাইছে যে তেওঁলোকে ডিজিচিএৰ নিৰ্দেশ লাভ কৰিছে আৰু সেই অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব। সংস্থাটোৰ মতে, এই ঘটনাই ইণ্ডিগ’ৰ বিগত ১৯ বছৰৰ উজ্জ্বল সুনামত আঘাত হানিছে, যাৰ বাবে অভ্যন্তৰীণ পৰ্যালোচনা চলি আছে।
ডিজিচিএ গঠন কৰা চাৰি সদস্যীয়া তদন্ত কমিটীৰ প্ৰতিবেদনত কোৱা হৈছে যে অতিৰিক্ত উড়ান সূচী, পৰ্যাপ্ত ব্যৱস্থাৰ অভাৱ, দুৰ্বল ছফ্টৱেৰ ব্যৱস্থা আৰু ইণ্ডিগ’ৰ ব্যৱস্থাপনাৰ দূৰদৰ্শিতাৰ অভাৱেই এই বিশৃঙ্খল পৰিস্থিতিৰ সৃষ্টি হৈছিল।
লগতে পৰিবৰ্তিত ফ্লাইট ডিউটি টাইম লিমিটেশ্যন (FDTL) নিয়ম সঠিকভাৱে কাৰ্যকৰী কৰা হোৱা নাছিল বুলিও প্ৰতিবেদনত উল্লেখ আছে।
ডিজিচিএই ইণ্ডিগ’ৰ চিইঅ’ক পৰ্যাপ্ত নজৰদাৰী আৰু সংকট ব্যৱস্থাপনাত ব্যৰ্থতাৰ বাবে সতৰ্ক কৰি দিছে। একে সময়তে চিঅ’অ’কো সতৰ্কবাণী জাৰি কৰা হৈছে। ছয়টা পৃথক নিয়ম ভংগৰ বাবে ইণ্ডিগ’ক এক কোটি ৮০ লাখ টকা আৰু FDTL নিয়ম উলংঘনৰ বাবে ২০ কোটি ৪০ লাখ টকাৰ জৰিমনা বিহিত কৰা হৈছে।
পাঁচ ডিচেম্বৰৰ পৰা চলিত বছৰৰ ১০ ফেব্ৰুৱাৰীলৈ মুঠ ৬৮ দিনৰ বাবে প্ৰতিদিনে ৩০ লাখ টকা হিচাপে এই জৰিমনা ধৰা হৈছে। লগতে সংস্থাটোক ৫০ কোটি টকাৰ বেংক গেৰাণ্টি জমা দিবলৈও নিৰ্দেশ দিয়া হৈছে।
ইফালে, এই সময়ছোৱাত যিসকল যাত্ৰীৰ বিমান বাতিল হৈছিল অথবা যাৰ উড়ান তিন ঘণ্টাতকৈ অধিক দেৰি হৈছিল, তেওঁলোকক ইণ্ডিগ’ৰ তৰফৰ পৰা ১০ হাজাৰ টকাৰ ভাউচাৰ দিব লাগিব। এই ভাউচাৰসমূহ ১২ মাহৰ ভিতৰত ব্যৱহাৰ কৰিব পাৰিব যাত্ৰীসকলে।






























