কোটি কোটি লোকৰ জীৱন-জীৱিকাক সংকটাপন্ন কবি ডুব যাবলৈ ধৰিছে দেশৰ অর্ধেক ব-দ্বীপ।এনেদৰে ডুব যাবলৈ ধৰা ব-দ্বীপসমূহৰ ভূমিৰ মাজত গংগা-ব্রহ্মপুত্ৰৰ ব-দ্বীপো আছে।
ব-দ্বীপসমূহ এনে অৱস্থাৰ সম্মুখীন হোৱাৰ কাৰণ হৈছে ভূগর্ভস্থ পানীৰ মাত্রাধিক আহবণ আৰু সাগৰপৃষ্ঠ ওফন্দি উঠিবলৈ ধৰিছে। শেহতীয়াভাবে এটা আন্তর্জাতিক বিজ্ঞানীৰ দলে পাঁচখন মহাদেশৰ ২৯ খন দেশৰ ৪০ খন প্রধান নৈৰ ব-দ্বীপসমূহক সামৰি এক গৱেষণা সম্পন্ন কৰে।
এই গৱেষণাই সামৰি লোৱা নৈসমূহৰ মাজত ভাৰতৰ গংগা-ব্রহ্মপুত্র, ব্রাহ্মণী, মহানদী, গোদাবৰী,কাবেৰী আৰু কাবানীৰ ব-দ্বীপসমূহো আছে। এই গৱেষণা বিশ্বখ্যাত বিজ্ঞান আলোচনী ‘নেচাৰ’ত প্রকাশ পাইছে। এই গবেষণাপত্রত আঙুলিয়াই দিয়া হৈছে যে ভাৰতৰো এই নৈসমূহৰ ব-দ্বীপসমূহ লুপ্ত হ’বলৈ ধৰিছে। ফলত ব-দ্বীপসমূহত বাস কৰা কোটি কোটি লোকৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে। কাৰণ এই অঞ্চলসমূহ ভয়াৱহ বানৰ কৱলত পৰাৰ আশংকা আছে।
উক্ত গৱেষণাপত্ৰৰ মতে এই ২৯ দেশৰ ৪০ প্রধান নৈৰ ব-দ্বীপসমূহত ২৩ কোটি ৬০ লাখৰো অধিক লোকে বাস কৰে। ক্রমে ব-দ্বীপসমূহ ডুব যাবলৈ ধৰাত এই লোকসকল অদূৰ ভৱিষ্যতে প্রচণ্ড বানৰ কৱলত পৰাৰ আশংকা আছে। উল্লেখ্য যে নৈৰ ব-দ্বীপসমূহে বিশ্বৰ মুঠ মাটিকালিৰ মাথোঁ এক শতাংশহে দখল কৰি আছে যদিও এই ব-দ্বীপসমূহতে ৩৫ৰ পৰা ৫০ কোটি লোকে বাস কৰি আছে।
অর্থাৎ বিশ্বৰ মুঠ জনসংখ্যাৰ প্ৰায় ছয় শতাংশই নৈৰ ব-দ্বীপসমূহত বাস কৰে। আনকি এই ব-দ্বীপসমূহত বিশ্বৰ ৩৪ খন বৃহৎ মহানগৰৰ ১০ খনেই অৱস্থিত। গতিকে নৈৰ ব-দ্বীপসমূহে আর্থ-সামাজিক, পৰিৱেশতন্ত্রগত আৰু শক্তিৰ ক্ষেত্ৰত এক গুরুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে। কাৰণ ব-দ্বীপসমূহৰ মাটি উৰ্বৰা হয়। এই উৰ্বৰা ভূমিত কৃষি উৎপাদন, মৎস্য উৎপাদন আদি সন্তোষজনক হোৱাৰ উপৰি বন্দৰ পৰিবহণ আৰু ঘৰুৱা তথা আঞ্চলিককে ধৰি আন্তর্জাতিক পর্যায়ত সামুদ্রিক বাণিজ্যতো ভূমিকা পালন কৰি আহিছে।
এনেদৰে দৈনন্দিন জীৱনত প্ৰচুৰ গুৰুত্ব থকাৰ পৰিপ্ৰেক্ষিতত ব-দ্বীপসমূহ লোপ পাবলৈ ধৰাত উক্ত গবেষণাপত্রত উদ্বেগ প্রকাশ কৰা হৈছে। ব-দ্বীপসমূহ নিশ্ছিন্ন হ’লে প্রব্রজনজনিত সমস্যায়ো গা কৰি উঠাৰ আশংকা আছে। ফলত ইতিমধ্যে সম্পদৰ নাটনিয়ে দেখা দিয়া অঞ্চলসমূহত অতিৰিক্ত চাপ পৰাৰ উপৰি সামাজিক সংঘাত সৃষ্টি কৰিব পাৰে। লক্ষ্যণীয় যে উক্ত গবেষণাপত্ৰত প্ৰকাশ কৰা বিজ্ঞানীসকলে ২০১৪ৰ পৰা ২০২৩ৰ মাজৰ সময়ছোৱাত নৈৰ ব-দ্বীপসমূহৰ আয়তন বিশ্লেষণ কৰে।
উক্ত গৱেষণাপত্রত দেখা যায় যে বিজ্ঞানীসকলে গৱেষণাৰ বাবে বাছি লোৱা ৪০ নদীৰ ব-দ্বীপসমূহৰ মুঠ ভূমিৰ ৩৫ শতাংশ ডুব গৈছে। গতিকে পৰিস্থিতি উদ্বেগজনক। লক্ষ্যণীয়ভারে ব-দ্বীপসমূহৰ ডুব যোৱা মুঠ অংশৰ ৫৭ শতাংশই হৈছে গংগা-ব্রহ্মপুত্র, নীল, মেকন, য়াংজে, এমাজন, ইৰাৱতী আৰু মিছিছিপিৰ ব-দ্বীপসমূহৰ। এই নৈসমূহৰ ব-দ্বীপে প্রায় ২,৬৫,০০০ বর্গকিলোমিটাৰ ভূমিক আগুৰি আছে। উক্ত গবেষণাত লগতে আঙুলিয়াই দিয়া হৈছে যে গৱেষকসকলে অধ্যয়ন কৰা ৪০ টা ব-দ্বীপৰ ১৮ টাৰ ভূমি অধিক হাৰত ডুব গৈছে। এই ১৮ ব-দ্বীপৰ মাজত গংগা, ব্রহ্মপুত্ৰৰ ব-দ্বীপো আছে। ফলত এই অঞ্চলসমূহ বানৰ ক্ষেত্ৰত অধিক স্পৰ্শকাতৰ হৈছে।






























