BJP National President:জেপি নাড্ডাৰ উত্তৰসূৰী হ’ব নিতীন নবীন

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে নীতিন নবীনৰ হৈ মনোনয়ন পত্ৰ দাখিল দলটোৰ জ্যেষ্ঠ নেতাসকলৰ

WhatsApp Image 2026 01 19 at 6.19.52 PM

BJP National President:

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিৰ্বাচনৰ বাবে নতুন দিল্লীত দলটোৰ হেড কোৱাৰ্টাৰত সোমবাৰে এক উথপথপ পৰিবেশৰ সৃষ্টি হয় ৷ বৰ্তমানৰ সভাপতি জেপি নাড্ডা উত্তৰসূৰীৰ বাবে হোৱা নিৰ্বাচন বাবে আজি মনোনয়ন দাখিলত দেখা গ’ল দলটোৰ শীৰ্ষ নেতা সকলক ৷ মনোনয়ন দাখিলৰ আজি আছিল অন্তিম দিন ৷ ইতিমধ্যে নিৰ্ধাৰিত সময় উকলি যোৱাত বৰ্তমানৰ কাৰ্যকৰী সভাপতি নিতীন নবীনৰ নামত এখন মনোনয়নপত্ৰ দাখিল হয় ৷

উল্লেখ্য যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে নীতিন নবীনৰ হৈ মনোনয়ন পত্ৰ একেলগে দাখিল কৰে দলটোৰ জ্যেষ্ঠ নেতা ক্ৰমে ৰাজনাথ সিং,জেপি নাড্ডা,ৰাজনাথ সিং,ক্ষিৰেন ৰিজিজু,ধমেন্দ্ৰ প্ৰধান সহ আন কে’বাজনো নেতা৷ আনহাতে অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই নীতিন নবীনৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰে ৷

সোমবাৰৰ সন্ধিয়া পৰ্যন্ত এখন মনোনয়নপত্ৰ দাখিল হোৱাত মঙলবাৰে আনুষ্ঠানিক নিতীন নবীনৰ নাম সভাপতি ৰূপে নাম ঘোষণা হ’ব ৷ মঙলবাৰেই নিতীন নবীনে সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ৷

Exit mobile version