Garima Saikia Garg:
কথাতে কটা যায়,কথাতে বঁটা পায় ৷ এই আপ্তবাক্যশাৰী প্ৰযোজ্য হ’ল স’ততে বিৰ্তকিত লেখিকা শিখা শৰ্মা ৷ লেখিকা গৰাকীক কেতবোৰ কৰ্মকাণ্ডই শেহতীয়াকৈ কিছুদিন ৰাজ্যজুৰি বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ হিয়াৰ আপোন জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পিছৰে পৰা সামাজিক মাধ্যমত ধাৰাবাহিকভাৱে চৰিত্ৰহনন কৰি আহিছিল ৷ আনকি শেহতীয়াকৈ কৰা বিতৰ্কিত পষ্টক লৈ জুবিন গাৰ্গৰ পৰিয়াল আৰু অনুৰাগী অতিষ্ঠ হৈ পৰিছিল ৷ যাৰবাবে জুবিন নোহোৱাৰ আজি চাৰিমাহৰ দিনটোতে পুৱাই জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গে শিখা শৰ্মাৰ বিৰুদ্ধে ক্ৰাইম ব্ৰাঞ্চত এজাহাৰ দাখিল কৰে ৷
আনহাতে এজাহাৰ দাখিলৰ পিছতেই সাতটাকৈ ধাৰাত ৰুজু হৈছে গোচৰ ৷ বিএনএছৰ অধীনত ১৫২ ,১৯৬ ,২৯৯, ৩৫১, ৩৫২, ২৫৩ , আৰু ২৫৬ ধাৰাত ২/২৬ নম্বৰত পঞ্জীভূক্ত হয় গোচৰ৷ এই গোচৰৰ ভিত্তিত গুৱাহাটী আৰক্ষীক অপৰাধ শাখাই মহানগৰীৰ পাঠৰকুঁৱৰীস্থিত নীলাচল এপাৰ্টমেণ্টৰ এ ব্লকৰ কোৱাৰ্টাৰ নং চি ২ৰ বাসগৃহৰ পৰা শিখা শৰ্মাক আটক কৰে দিছপুৰ আৰক্ষীয়ে।
উল্লেখ্য যে শিখা শৰ্মাৰ বিৰুদ্ধে আজি দুপৰীয়া দিছপুৰ থানাত জুবিন ফেন ক্লাবেও শিখা শৰ্মাৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ ।




































