স্বাস্থ্য নিৰোগী ৰখাত আঁহযুক্ত খাদ্যৰ গুৰুত্ব

আঁহযুক্ত খাদ্যৰ অভাৱে কৰ্কটৰ দৰে ৰোগো সৃষ্টি কৰিব পাৰে

দেহ সুস্থ-সবল কৰি ৰাখিবলৈ হ’লে আঁহ, খনিজ দ্রব্য, প্র’টিন, ভিটামিন আদিযুক্ত খাদ্য প্ৰচুৰ পৰিমাণে খোৱা উচিত বুলি চিকিৎসকসকলে কয়। খাদ্যত পোৱা এনে দ্রব্যসমূহে দেহক পুষ্টি যোগান ধবে।

দেহ সুস্থ-সবল তথা নিৰোগী কৰি ৰাখিবলৈ এনে পুষ্টিকৰ দ্রব্য সম্বলিত খাদ্য খোৱাটো নিত্যন্ত প্রয়োজন। আঁহযুক্ত খাদ্যই দেহত কেনে প্রভার পেলায়, তাক লৈ শেহতীয়াকৈ একাংশ চিকিৎসা বিজ্ঞানীয়ে গৱেষণা কৰে।

তেওঁলোকৰ গৱেষণাত পোহৰলৈ অহা অনুসৰি আঁহযুক্ত খাদ্য খোৱাৰ পৰা দীর্ঘদিন বিৰত থাকিলে হৃদৰোগ, হহৃদপেশীব ৰোগ, টু’ক, অংগৰ কৰ্কট, মেদ-বহুলতাজনিত কর্কট, ষ্ট’ন কর্কট, ইছ’ফেগাছৰ কৰ্কট আদিৰ আশংকা থাকে।

দেহত আঁহৰ অধিক অভার ঘটিলে অকাল মৃত্যুৰ আশংকা প্রবল হৈ পৰে। বিশেষকৈ হৃদৰোগজনিত কাৰণত অকাল মৃত্যু আহিব পাবে। এই গৱেষণাৰ তথ্য অনুসৰি দীর্ঘদিন ধৰি কম আঁহযুক্ত খাদ্য খালে হৃদৰোগজনিত কাৰণত এজন ব্যক্তি মৃত্যুমুখত পৰিব পাৰে।

এনে ব্যক্তি হৃদৰোগত আক্রান্ত হোৱাৰ আশংকা আনসকলতকৈ ১৫ৰ পৰা ৩০ শতাংশ বৃদ্ধি পায়। গরেষণাটোৰ তথ্য অনুসৰি প্ৰচুৰ পৰিমাণে আঁহযুক্ত খাদ্য নিয়মিতভাবে গ্রহণ কৰাসকলৰ ক্ষেত্ৰত হৃদৰোগ, ষ্ট্ৰ’ক, মধুমেহ আৰু কৰ্কটৰ আশংকা ১৬ৰ পৰা ২৪ শতাংশ হ্রাস পায়।

প্ৰচুৰ আঁহযুক্ত খাদ্য বুলি ক’লে শাক-পাচলি, ফলমূল, দাইল আদিক সূচায়। চিকিৎসা বিজ্ঞানীসকলৰ মতে, স্বাস্থ্য সুস্থ-সবল আৰু নিৰোগী কৰি ৰাখিবলৈ এজন ব্যক্তিয়ে নিতৌ ২৫ৰ পৰা ২৯ গ্রাম আঁহযুক্ত খাদ্য খাব লাগে।

অৱশ্যে আমেৰিকাৰ দৰে কেতবোৰ দেশৰ এজন প্রাপ্তবয়স্ক ব্যক্তিয়ে নিতৌ ১৫ গ্রাম আঁহযুক্ত খাদ্য খালেই স্বাস্থ্য সুস্থ-সবল কৰি ৰাখিব পাৰে। উক্ত গৱেষণাৰ স’তে জড়িত চিকিৎসকসকলে আঙুলিয়াই দিছে যে নিতৌ ২৯ গ্রাম আঁহযুক্ত খাদ্য খালে এজন ব্যক্তিয়ে স্বাস্থ্যৰ উপকাৰ লাভকৰিব পাৰে।

অৱশ্যে অধিক পৰিমাণত আঁহযুক্ত খাদ্য খালেও বিপদ আহিব পাৰে। অর্থাৎ এটা বস্তুৰ যিদৰে ভাল-বেয়া দুয়োটা দিশেই থাকে তেনে কথা আঁহযুক্ত খাদ্য গ্ৰহণৰ ক্ষেত্ৰতো থাকে। উদাহৰণ স্বৰূপে গমজাতীয় খাদ্য অধিক খালে দেহত লৌহ পদাৰ্থৰ পৰিমাণ অধিক হাৰত হ্রাস পোৱাৰ আশংকা থাকে।

একেদৰে প্ৰচুৰ আঁহ জাতীয় খাদ্যই আন খনিজ দ্ৰব্যৰ পৰিমাণো দেহত হ্রাস কৰে।উক্ত গৱেষণাত পোহৰলৈ অহা অনুসৰি নিৰ্দিষ্ট পৰিমাণত আঁহজাতীয় খাদ্য খালে দেহৰ ওজন নিয়ন্ত্রণত সহায় কৰে।লিপিড আৰু শৰ্কৰাৰ স্তৰো নিয়ন্ত্ৰণত ৰখাত সহায় কৰে।

Exit mobile version