Tamilnadu:✒️উৎসৱৰ আনন্দ মুহূৰ্ততে শোকত পৰিণত। থেনপেন্নাই নদী উৎসৱৰ সময়ত হিলিয়াম চিলিণ্ডাৰ বিস্ফোৰণত এজন লোকৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে আন ১৮ জনলোক।
প্ৰাপ্ত তথ্য অনুসৰি, সোমবাৰে নিশা তামিলনাড়ুৰ কল্লাকুৰিচি জিলাৰ মানালুৰপেট্টাইত এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়। উৎসৱৰ সময়তে হঠাৎ এটা হিলিয়াম চিলিণ্ডাৰ বিস্ফোৰণ ঘটে। ঘটনাস্থলীত বহু লোক উপস্থিত আছিল। বিস্ফোৰণৰ ফলত এজনৰ থিতাতে মৃত্যু হয় আৰু কমেও ১৮ জনলোক আহত হয়।
প্ৰাথমিক অনুসন্ধানত অনুমান কৰা হৈছে যে, বেলুনত গেছ ভৰাৰ সময়তেই কোনো কাৰণত হিলিয়াম ভৰ্তি চিলিণ্ডাৰটো বিস্ফোৰিত হয়। দুৰ্ঘটনাৰ সঠিক কাৰণ জানিবলৈ তদন্ত চলি আছে।
তিৰুৱান্নামালাইৰ জিলা উপায়ুক্ত কে থাৰপাগৰাজে জনায় যে, এই ঘটনাত মৃতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ঘটনাক লৈ এআইএডিএমকেৰ সাধাৰণ সম্পাদক এডাপ্পাদি কে পালানিস্বামীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।
তেওঁ নিহত আৰু আহতসকলৰ পৰিয়াললৈ সমবেদনা জনোৱাৰ লগতে ৰাজ্য চৰকাৰক ক্ষতিগ্ৰস্তসকলক আৰ্থিক সাহায্য আগবঢ়াবলৈ আহ্বান জনাইছে।






























