জম্মু–কাশ্মীৰৰ কিশ্তওৱাৰত সন্ত্ৰাসবাদীৰ স’তে হোৱা সংঘৰ্ষত শ্বহীদ হোৱা ভাৰতীয় সেনাৰ স্পেচিয়েল ফ’ৰ্চৰ কমাণ্ডো গজেন্দ্ৰ সিংহক শেষ শ্ৰদ্ধাঞ্জলি । মঙলবাৰে পুৱা সেনা বাহিনীৰ উচ্চপদস্থ বিষয়াসকলৰ উপস্থিতিত শ্বহীদ জোৱানজনৰ নশ্বৰ দেহত মাল্যাৰ্পণ অৰ্পণ কৰা হয়।
দেওবাৰে নিশা সন্ত্ৰাসবাদীৰ গ্ৰেনেডৰ স্প্লিণ্টাৰত গুৰুতৰভাৱে আহত হৈছিল গজেন্দ্ৰ সিংহ। সোমবাৰে সেনা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতেই তেওঁৰ মৃত্যু হয়।
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত হোৱাইট নাইট ক’ৰৰ কাৰ্যবৰাহী চিফ অফ ষ্টাফ ব্ৰিগেডিয়াৰ যুধবীৰ সিংহ সেখনে নেতৃত্ব দিয়ে। এই অনুষ্ঠানত জম্মু–কাঠুৱা–চাম্বা ৰেঞ্জৰ ডিআইজি শিৱকুমাৰ শৰ্মা, জম্মুৰ ডেপুটি কমিছনাৰ ৰাকেশ মিনহাসৰ লগতে আৰক্ষী, চিআৰপিএফ আৰু বিএছএফৰ কেবাজনো ঊর্ধ্বতন বিষয়া উপস্থিত আছিল।
অনুষ্ঠানৰ অন্তত শ্বহীদ জোৱানজনৰ নশ্বৰদেহ উত্তৰাখণ্ডস্থিত তেওঁৰ বাসগৃহলৈ পঠিওৱা হয়।
ইফালে, কিশ্তওৱাৰৰ পৰ্বতীয়া জংঘলত চলি থকা সন্ত্ৰাসবাদী দমন অভিযান মঙলবাৰে তৃতীয় দিনত প্ৰৱেশ কৰিছে। সেনা সূত্ৰই জনোৱা মতে, সোমবাৰৰ সন্ধিয়াৰ পৰা কেবাজনো সন্দেহসজনক ব্যক্তিক সুধা পোচাৰ বাবে আটক কৰা হৈছে। যোৱা দেওবাৰে এই অভিযানৰ আৰম্ভণি হৈছিল , যেতিয়া গোপন সূত্ৰৰ পৰা মান্দ্ৰাল–সিংপোৰা অঞ্চলৰ সোন্নাৰ গাঁৱৰ জংঘলত সন্ত্ৰাসবাদী লুকাই থকাৰ তথ্য লাভ কৰিছিল সেনাই।
উক্ত তথ্যৰ ভিত্তিত সেনাৰ হোৱাইট নাইট ক’ৰে ‘অপাৰেচন ত্ৰাশি-১’ আৰম্ভ কৰে। অভিযান চলাকালীন সন্ত্ৰাসবাদী আৰু সেনাৰ মাজত ইটোৰ পাছত সিটো পৰ্যায়ত গুলীৰ যুদ্ধ হয়।
ইয়াৰ পাছতে চোৱা সংঘৰ্ষত সন্ত্ৰাসবাদীৰ গ্ৰেনেডত মুঠ আঠজন জোৱান আহত হয়। ঘটনাৰ পাছতে জম্মু জ’নৰ আইজি ভীমসেন টুটি আৰু চিআৰপিএফৰ আইজি গোপালকৃষ্ণ ৰাওৰ নেতৃত্বত ঊর্ধ্বতন বিষয়া ঘটনাস্থলীত উপস্থিত হয় আৰু অভিযান তত্ত্বাবধানৰ বাবে তাতেই কেম্প কৰে।
সেনাই সন্ত্ৰাসবাদীৰ গোপন আশ্ৰয়স্থলৰ পৰা বিপুল পৰিমাণৰ চাউল, দাইল, শুকান খাদ্যসামগ্ৰী, বাচন-বৰ্তন আৰু শীতবস্ত্ৰ উদ্ধাৰ কৰিছে। এই সামগ্ৰীৰে অন্তত চাৰি জন সন্ত্ৰাসবাদী দীঘলীয়া সময়ৰ ভৰণ-পোষণ সম্ভৱ বুলি সেনাই জানিবলৈ দিয়ে। সন্ত্ৰাসবাদীসকল এই সামগ্ৰী যোগান ধৰা স্থানীয় লোকসকলক চিনাক্ত কৰাৰ চেষ্টা চলাইছে নিৰাপত্তা বাহিনীয়ে।






























