Noida:✒️তিনি বছৰ পূৰ্বে ৰাজ্যৰ জলসিঞ্চন বিভাগে নয়ডাৰ ১৫০ নং ছেক্টৰৰ পথৰ কাষৰ গভীৰ জলভাগক লৈ উদ্বেগ প্ৰকাশ কৰিছিল। তেওঁলোকে কেৱল এই বিষয়টো উত্থাপন কৰাই নহয়, নয়ডা কৰ্তৃপক্ষলৈও পত্ৰ লিখি প্ৰকল্পৰ কাম বন্ধ কৰি পথৰ কাষৰ দ গাঁতটোত জমা হোৱা পানী আঁতৰোৱাবলৈও পৰামৰ্শ দিয়ে।
কিন্তু শুকুৰবাৰে নিশা সেই জলাশয়ত আই টি পেছাদাৰী যুৱৰাজ মেহতাৰ মৃত্যুৰ পাছত পোহৰলৈ আহিছে জলসিঞ্চন বিভাগৰ সতৰ্কবাণী থকা পত্ৰখন।
শুকুৰবাৰে নিশা কামৰ পৰা ঘূৰি আহোঁতে গাড়ীৰ স’তে ৰাস্তাৰ কাষৰ থকা গভীৰ জলাশয়ত পৰে যুবৰাজ। সাঁতুৰিব নজনাৰ বাবেই তেওঁ পাৰত উঠিব নোৱাৰিলে।
উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হোৱাৰ পাছতো প্ৰায় ৯০ মিনিট ধৰি পানীত উতি থকাৰ পাছত তেওঁ গাড়ীৰ স’তে পানীত ডুব যায়। শনিবাৰে তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।
তথ্য অনুসৰি, ২০২৩ চনত জলাশয় বিভাগে অতিৰিক্ত পানী সিঁচাই হিন্দন নদীত এৰি দিবলৈ নিৰ্দেশ দিছিল আৰু তাৰ বাবে ধনো অনুমোদিত হৈছিল। কিন্তু সেই কাম বাস্তৱায়িত নহ’ল।
স্থানীয় লোকৰ অভিযোগ,সময়তে ব্যৱস্থা লোৱা হ’লে এই দুৰ্ঘটনা সংঘটিত নহয়।ঘটনাৰ পাছতে ৰাজ্য চৰকাৰে তিন সদস্যৰ SIT গঠন কৰিছে।






























