বাংলাদেশত বিগত এক বছৰত বিভিন্ন ধৰণৰ অপৰাধৰ অভিযোগ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। চুৰি, ডকাইতি আৰু অপহৰণ—এই সকলো ধৰণৰ ঘটনাৰ সংখ্যাই ঊৰ্ধ্বগামী। বিশেষকৈ ২০২৫ চনত অপহৰণৰ অভিযোগ ২০২৪ চনৰ তুলনাত প্ৰায় ৭১ শতাংশ বৃদ্ধি পাইছে।
বাংলাদেশ আৰক্ষীৰ তথ্য অনুসৰি, ২০২৫ চনত দেশখনত মুঠ ১১০১টা অপহৰণৰ অভিযোগ দাখিল হৈছে। একে সময়তে ৭০২টা ডকাইতিৰ অভিযোগ উঠিছে, যি আগৰ বছৰৰ তুলনাত প্ৰায় ৪৩ শতাংশ অধিক। ইয়াৰ উপৰিও, ৯৬৭২টা চুৰ অভিযোগ নথিভুক্ত হৈছে, যাৰ বৃদ্ধি ক্ৰমে ৩৭ শতাংশ।
চুৰি, ডাকাতি আৰু অপহৰণ—এই তিনিধৰণৰ অপৰাধসমূহ মিলাই ২০২৫ চনত মুঠ ১৩,৪১০টা অভিযোগ আৰক্ষীৰ ওচৰত দাখিল হৈছে, যি ২০২৪ চনৰ তুলনাত প্ৰায় ১৬.৫ শতাংশ বেছি।
উল্লেখযোগ্য যে, ২০২৪ চনৰ আগষ্টত শেখ হাচিনাৰ চৰকাৰ পতনৰ পাছত ইউনূছৰ নেতৃত্বত অন্তৰ্বর্তী চৰকাৰ গঠন হয়। ২০২৫ চনেই আছিল এই চৰকাৰৰ প্ৰথমটো সম্পূৰ্ণ বছৰ।
ইফালে, বাংলাদেশ আৰক্ষীৰ মুখপাত্ৰ এএইচএম শাহাদাত হোচাইনে কয়, কিছুমান অপৰাধৰ অভিযোগ বৃদ্ধি পাইছে যদিও সামগ্ৰিকভাৱে সকলো ধৰণৰ অপৰাধ বৃদ্ধি পোৱা বুলি ক’ব নোৱাৰি। তেওঁৰ মতে, দেশত মুঠ গোচৰ আগৰ তুলনাত কমিছে আৰু হত্যাৰ ঘটনাও হ্ৰাস পাইছে। সহজে অভিযোগ দাখিল কৰিব পৰা ব্যৱস্থাৰ ফলতেই বহু পুৰণি ঘটনাতো নতুনকৈ গোচৰ ৰুজু হৈছে বুলিও তেওঁ মন্তব্য কৰে।






























