Rajesh Bajaj Arrested:কে’বা ঘন্টাৰ অভিযানৰ অন্তত আটক বিতৰ্কিত ব্যৱসায়ী ৰাজেশ বাজাজক

কলকাতাৰ পৰা অহা চিবিআইৰ দলে বাজাজৰ সৰুমটৰীয়া বাসগৃহত চলাইছিল অভিযান

WhatsApp Image 2026 01 20 at 4.06.54 PM

Rajesh Bajaj Arrested:

এপেক্স বেংকৰ কোটি টকা কেলেংকাৰীত লিপ্ত থকাৰ অভিযোগত মঙলবাৰে পুৱাৰে পৰা বহু বিতৰ্কিত ব্যৱসায়ী ৰাজেশ বাজাজৰ মহানগৰীৰ সৰুমটৰীয়াস্থিত বাসগৃহত চলাইছিল অভিযান ৷কলকাতাৰ পৰা অহা চিবিআইৰ দলটোৱে দীর্ঘসময় অভিযান চলাই জব্ কৰে এটা ডাঙৰ ৰঙা বেগ সহ কেতবোৰ আপত্তিজনক নথিপত্ৰ জব্দ কৰে ৷ সন্দেহ কৰা মতে ৰঙা বেগটোত বহু পৰিমাণৰ নগদ ধন আছে ৷

আনহাতে চিবিআইয়ে ৰাজেশ বাজাজক বহু সময় ধৰি সোধপোছ কৰাৰ অন্তত আটক কৰে। অৱশ্যে অভিযানকাৰী দলটোৱে সমগ্ৰ অভিযানটোৰ সন্দৰ্ভত কোনো তথ্য সদৰি কৰাৰ পৰা বিৰত আছে।

Exit mobile version