Health Ministry:
মানৱ স্বাস্থ্যৰ স’তে ল’ৰা-ধেমালি ! দেশত ধৰা পৰিল বৃহৎ সংখ্যক নিম্নমানৰ ঔষধ। কেৱল পশ্চিমবংগৰে পাঁচটা প্রতিষ্ঠানসহ বিভিন্ন ৰাজ্যৰ ঔষধ প্রতিষ্ঠানে তৈয়াৰ কৰা ৪৫ বিধ ঔষধ গুণমান পৰীক্ষাত বিফল হৈছে। এই প্রতিষ্ঠানসমূহৰ অন্যতম হৈছে পশ্চিমবংগ ফার্মাটিউটিকেলছ। গুৱাহাটীকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ পৰীক্ষাগাৰত কৰা নমুনা পৰীক্ষাৰ সময়ত এই ৪৫ বিধ ঔষধৰ গুণমানন নথকাটো প্রতিপন্ন হয় বুলি কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ এক বিবৃতিত প্রকাশ কৰিছে।
এই ঔষধসমূহৰ অন্যতম হৈছে পশ্চিমবংগ ফার্মাচিউটিকেল’ৰ দ্বাৰা তৈয়াৰী ৰিংগাৰ্ছ লেকটেট চেলাইন। এই চেলাইনক লৈ পূর্বে বিতর্ক সূত্রপাত ঘটে। বিতৰ্কৰ সূত্রপাত ঘটাৰ পাছতে পশ্চিমবংগৰ স্বাস্থ্য বিভাগে চেলাইনবিধৰ নমুনা সংগ্রহ কৰি কলকাতা আৰু গুৱাহাটীকে ধৰি বিভিন্ন পৰীক্ষাগাৰত পৰীক্ষা কৰেৱায়। এই পৰীক্ষাত উক্ত প্রতিষ্ঠানৰ দ্বাৰ তৈয়াৰী ০৩বি৩৯১১ বেটছৰ ৰিংগাৰ্ছ লেকটেক চেলাইন বিফল হয়। প্রতিষ্ঠানটোৰ এই চেলাইন বিতৰ্কৰ আৱর্তত সোমাই পৰাত যোৱা বছৰে চৰকাৰে ইয়াৰ বিক্রী নিষিদ্ধ কৰে। তদুপৰি ৰাজ্যখনৰ আন চাৰিটা প্রতিষ্ঠানৰ কেতবোৰ ঔষধো গুণমান পৰীক্ষাত ব্যর্থ হৈছে।
ইয়াৰ অন্যতম হৈছে হাউৰাৰ উলুবেড়িয়াস্থিত লাইফ ফার্মচিউটিকেলছ প্রাইভেট লিমিটেডৰ দ্বাৰা তৈয়াৰী ক্রম’পেন্ট ইনজেকচন। একেদৰে হাউৰাৰ জগাছাৰস্থিত ডাইমন্ড ড্রাগছ প্রতিষ্ঠানৰ দ্বাৰ তৈয়াৰী ড্রায়েড এলুমিনিয়াম হাইড্র’ক্সাইড জেল, ছানী ইন্ডাস্ট্রীজব দ্বাৰা তৈয়াৰী পটাছিয়াম ক্ল’ৰাইডৰ এবিধ ঔষধো গুণমান পৰীক্ষাত ব্যর্থ হৈছে। কেৱল সেয়াই নহয় কলকাতাৰ কেপলেট ইন্ডিয়া প্রাইভেট লিমিটেডৰ দ্বাৰা তৈয়াৰী ওৰাল ৰিহাইড্ৰেচন ছল্টছ (অ’আৰএছ)ও গুণমান পৰীক্ষাত ব্যর্থ হৈছে। এই চাৰিটা ঔষধৰ নমুনা কলকাতাৰ পৰীক্ষাগৰত সম্পন্ন কৰা হয়।
তদুপৰি গুজৰাট, হিমাচল প্রদেশ, পঞ্জাৱ, হাৰিয়ানা, উত্তৰাখণ্ডসহ বিভিন্ন ৰাজ্যৰ কেতবোৰ প্রতিষ্ঠানৰ ঔষাধা নিম্নমানৰ বুলি প্রতিপন্ন হৈছে। এক বিজ্ঞপ্তিত কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে প্রকাশ কৰা অনুসৰি যোৱা ডিচেম্বত এই ৪৫ বিধ ঔষধৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। ইয়াৰ পূর্বে সংশ্লিষ্ট দাজ্য চৰকাৰসমূহে কৰা নমুনা পৰীক্ষাতো নিম্নমানৰ বুলি এই ঔষধসমূহ ধৰা পৰে। বিক্রীৰ বাবে মজুত ৰখা ঔষধ তৎকালে প্রত্যাহাৰৰ ব্যবস্থা কৰিবলৈ কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে সকলে ৰাজ্য চৰকাৰলৈ নিৰ্দেশ জাৰি কৰিছে।
