ডিব্ৰুগড়ৰ খনিকৰ পথাৰত অনুষ্ঠিত হ’ব লগীয়া আধাৰশিলা অনুষ্ঠানৰ বুজ ল’লে মন্ত্রী পিযুষ হাজৰিকাই

WhatsApp Image 2026 01 21 at 6.20.31 PM

Pijush Hazarika:

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক ৰাজ্যৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতিৰে ডিব্ৰুগড়ত সচিবালয় মুকলি কৰা পাছত পুণৰ অসম বিধানসভা ভৱন হ’ব ডিব্ৰুগড়ত।অহা ৩০ জানুৱাৰীত ডিব্ৰুগড়লৈ আহি ৰাজ্যৰ দিত্বীয়টো বিধান সভা ভৱনৰ আধাৰশিলা কৰিব ভাৰত চৰকাৰৰ কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে।

ডিব্ৰুগড়ৰ খনিকৰ পথাৰত অনুষ্ঠিত হ’ব লগীয়া আধাৰশিলা অনুষ্ঠানৰ বুজ ল’বলৈ মন্ত্রী পিযুষ হাজৰিকা সহ মন্ত্রী প্ৰশান্ত ফুকন আৰু ডিব্ৰুগড়ৰ তিনিচুকীয়াৰ একাংশ বিধায়ক উপস্থিত হৈ অগ্ৰগতিৰ বুজ লয়।

গৃহ মন্ত্রী গৰাকীয়ে লগতে ৰাজ্যৰ ১৪ টা কৈ খান্দিবলৈ লোৱা জলাশয় খননৰো আৰম্ভ কৰিব। লগতে ডিব্ৰুগড়ৰ খনিকৰৰ আন্তঃৰাষ্ট্ৰীয় বহুমূখী ক্ৰীড়া প্ৰকল্পটোৰো শুভাৰম্ভ কৰিব। এই সমষ্ট আয়োজনৰ বুজ ল’লে মন্ত্রী গৰাকীয়ে। অমিত শ্বাহৰ খনিকৰৰ সভাত ১ লাখ লোক সমবেত হোৱাৰ লগতে কাৰ্যসূচী সফল কৰাৰ বাবে আজি মন্ত্ৰী পিয়ুজ হাজৰিকা, প্ৰশান্ত ফুকন,বিমল বৰা উপস্থিত হৈ পৰ্যবেক্ষণ কৰে।

Exit mobile version