গণতন্ত্ৰ দিৱসত বায়ুসেনাৰ বিশেষ আকাশী প্ৰদৰ্শনী!

উৰিব ‘অপাৰেশন সিন্দূৰ’ৰ যুদ্ধবিমান

1769075633 rafale

Indian Air Force:✒️এইবাৰৰ গণতন্ত্ৰ দিৱসৰ কুচকাওয়াজত ভাৰতীয় বায়ুসেনাই আগবঢ়াব এক বিশেষ আকাশী প্ৰদৰ্শনী । এইবাৰ নতুন দিল্লীৰ আকাশত উৰিব যোৱা মে’ মাহত পাকিস্তানৰ বিৰুদ্ধে চলোৱা ‘অপাৰেশন সিন্দূৰ’ অভিযানত ব্যৱহৃত যুদ্ধবিমানসমূহ ।

তথ্য অনুসৰি, অপাৰেশন সিন্দূৰৰ সময়ত যিদৰে যুদ্ধবিমানসমূহ ৰণসজ্জাৰে সাজি তোলা হৈছিল, ঠিক সেই একে ৰূপতেই গণতন্ত্ৰ দিৱসৰ কুচকাওয়াজতো সেইয়া প্ৰদৰ্শন কৰা হ’ব।

ইতিমধ্যে সেই ৰণসজ্জাৰ কিছু দৃশ্য প্ৰকাশ পাইছে। এই আকাশী প্ৰদৰ্শনীত মুঠ সাতখন যুদ্ধবিমান অংশ ল’ব। ইয়াৰ ভিতৰত থাকিব দু’খন ৰাফাল, দু’খন মিগ–২৯, দু’খন চুখোই–৩০ আৰু এখন জাগুৱাৰ যুদ্ধবিমান।

সূত্ৰ অনুসৰি, বিভিন্ন শাৰীত যুদ্ধবিমানসমূহ সজাই আকাশত বিশেষ ৰণসজ্জা গঠন কৰা হ’ব।

Exit mobile version