Delhi:✒️আগন্তুক ২৬ জানুৱাৰীত নতুন দিল্লীৰ কৰ্তব্যপথত গণতন্ত্ৰ দিৱস উপলক্ষে অনুষ্ঠিত হ’ব এক বিশেষ কুচকাওয়াজ।। ভাৰতৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এই কুচকাওয়াজত পুৰুষ বাহিনীক নেতৃত্ব দিব এগৰাকী মহিলা জোৱান—সিমৰণ বালা।
সমগ্ৰ আয়োজনৰ দায়িত্বত থাকিব কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰালয়। প্ৰতিৰক্ষা মন্ত্ৰালয় সূত্ৰে জনোৱা অনুসৰি, এইবাৰৰ গণতন্ত্ৰ দিৱস উদ্যাপনৰ মূল বিষয় বস্তু হ’ব ‘বন্দে মাতৰম’।
এই বিষয় বস্তু জৰিয়তে দেশৰ সংস্কৃতি আৰু ঐতিহ্যৰ লগতে ভাৰতীয় সেনাৰ আত্মনির্ভৰতা আৰু সক্ষমতা প্ৰদৰ্শন কৰাৰ লক্ষ্য লৈছে কেন্দ্ৰই।
সম্প্ৰতি নতুন দিল্লী গণতন্ত্র দিৱসৰ প্ৰস্তুতি সন্দৰ্ভত আয়োজিত বৈঠকৰ পাছত সংবাদমাধ্যমৰ স’তে কথা পাতি প্ৰতিৰক্ষা দফতৰৰ সচিব ৰাজেশ কুমাৰ সিঙে কয় যে এইবাৰৰ সাংস্কৃতিক অনুষ্ঠান আৰু কুচকাওয়াজৰ জৰিয়তে “অমৃত ভাৰত” আৰু “আত্মনির্ভৰ ভাৰত”-ৰ ভাবনাক বিশ্বৰ আগত তুলি ধৰা হ’ব।
প্ৰতি বছৰৰ দৰে এইবাৰো গণতন্ত্র দিৱসৰ অনুষ্ঠানত বিদেশী ৰাষ্ট্ৰপ্ৰধানসকল অতিথি হিচাপে উপস্থিত থাকিব। তথ্য অনুসৰি, এইবাৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ইউৰোপীয়ান কাউন্সিলৰ সভাপতি অণ্টোনিঅ’ কোষ্টা আৰু ইউৰোপীয়ান কমিশনৰ সভাপতি উৰছুলা ভন ডেৰ লেয়েন।
বৰ্তমান সময়ত আমেৰিকাৰ স’তে বাণিজ্যিক শুল্কক লৈ মতবিৰোধ চলি থকা পৰিপ্ৰেক্ষিতত ইউৰোপীয় নেতাসকলৰ আগমনক কূটনৈতিকভাৱে গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে।
ইয়াৰ উপৰিও প্ৰায় ১০ হেজাৰ বিশেষ অতিথিক আমন্ত্ৰণ জনোৱা হৈছে। ইয়াৰ ভিতৰত থাকিব কৃষক, বিজ্ঞানী আৰু ছাত্ৰ-ছাত্ৰী। কৃষি আৰু উদ্যোগক আধাৰ কৰি ‘বন্দে মাতৰম’ বিষয়ৰ অধীনত এইবাৰ গণতন্ত্ৰ দিৱস উদ্যাপন কৰা হ’ব।






























