Jammu and Kashmir:✒️জম্মু–কাশ্মীৰৰ ডোডা জিলাত বৃহস্পতিবাৰে সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা। ভাদেৱৱাহ–চাম্বা পথৰ ওচৰত নিয়ন্ত্ৰণ হেৰুৱাই ভাৰতীয় সেনাৰ এখন সশস্ত্ৰ বাহন প্ৰায় ২০০ ফুট গভীৰ খাদত বাগৰি পৰে।
এই দুৰ্ঘটনাত ঘটনাস্থলীতে ১০ জন সেনা জোৱানৰ মৃত্যু হয় আৰু গুৰুতৰভাৱে আহত হয় আন সাত জন জোৱান।
সূত্ৰ অনুসৰি, দুৰ্ঘটনাৰ সময়ত বাহনখনত মুঠ ১৭ জন সেনা জোৱান আছিল। হঠাতে বাহনখনে নিয়ন্ত্ৰণৰ হেৰুৱাই জোৱানসকলসহ দ খাৱৈত পৰে। দুৰ্ঘটনাৰ পাছতেই স্থানীয় লোকে ওচৰৰ সেনা শিবিৰত খবৰ দিয়ে।
সেনা জোৱান আৰু স্থানীয় লোকৰ সহযোগিতাত উদ্ধাৰ অভিযান চলাই আহতসকলক উদ্ধাৰ কৰা হয়।
এই ঘটনাক লৈ জম্মু–কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্ণৰ মনোজ সিনহাই গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁৰ দফতৰৰ পৰা জাৰি কৰা শোকবাৰ্তাত কোৱা হৈছে, “১০ জন সেনা জোৱানৰ মৃত্যুৰ খবৰ পাই গভীৰভাৱে মৰ্মাহত হৈছোঁ। এই দুৰ্ঘটনা অতি দুখজনক। দেশৰ প্ৰতি তেওঁলোকৰ ত্যাগ কেতিয়াও পাহৰি যোৱা নহ’ব। নিহতসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জনাইছোঁ।”
উল্লেখযোগ্য যে গণতন্ত্ৰ দিৱসৰ পূৰ্বে জম্মু–কাশ্মীৰত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে। এই পৰিপ্ৰেক্ষিততে কিশ্তওৱাৰ জিলাত উগ্ৰপন্থীৰ সন্ধানত যোৱা দেওবাৰৰ পৰা অভিযান চলি আছে।






























