Ukraine :✒️ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনৰ স’তে বৃহস্পতিবাৰে সাক্ষাৎ কৰিব আমেৰিকাৰ দূত ষ্টিভ উইটকফ আৰু মাৰ্কিন ৰাষ্ট্ৰপতিৰ জামাই জাৰেড কুশনাৰে।
উইটকফে জনাইছে, পুতিনৰ স’তে বৈঠকৰ পাছত তেওঁলোকে ইউক্ৰেইনৰ প্ৰতিনিধিসকলৰ লগতো আলোচনা কৰিব।
ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত বিশ্ব অৰ্থনৈতিক মঞ্চৰ বৈঠকৰ আঁৰত আমেৰিকাৰ দূতে কয় যে এই বৈঠকৰ মূল উদ্দেশ্য হৈছে ৰাছিয়া-ইউক্ৰেইন বিষয়টোৰ ওপৰত আলোচনা কৰা আৰু শান্তি স্থাপন কৰা।
আমেৰিকাৰ দাবী অনুসৰি, ৰাছিয়াৰ অনুৰোধতেই এই বৈঠক অনুষ্ঠিত হৈছে। ক্ৰেমলিনৰ মতে, মস্কোত পুতিনে উইটকফ আৰু কুশনাৰৰ স’তে সাক্ষাৎ কৰিব।
উল্লেখযোগ্য যে, দাভোচত মঙলবাৰে ৰাছিয়াৰ দূত কিৰিল দিমিত্ৰিয়েভৰ স’তে প্ৰায় দু’ঘণ্টা বৈঠক হৈছিল উইটকফৰ।
ইফালে, সংবাদমাধ্যমৰ খবৰ অনুসৰি, গ্ৰীনলেণ্ড বিষয়ক টানাপোড়েনৰ মাজতে ইউক্ৰেইন পুনৰ্গঠন সন্দৰ্ভত ৮০০ বিলিয়ন ডলাৰৰ চুক্তি অস্থায়ীভাৱে স্থগিত হৈছে।
এই পৰিস্থিতিত দাভোচলৈ নাযাব ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কি। তেওঁ জনাইছে, ৰাছিয়াৰ ড্ৰ’ন আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণত ইউক্ৰেইনৰ শক্তি ব্যৱস্থা গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হৈছে। যদিও দেশৰ সুৰক্ষা আৰু পুনৰ্গঠনৰ নিশ্চয়তা পালে দাভোচলৈ যোৱাৰ সম্ভাৱনা আছে।






























