গণতন্ত্ৰ দিৱসৰ পূৰ্বে নিৰাপত্তা বাহিনীৰ ডাঙৰ সাফল্য।ঝাড়খণ্ডৰ সাৰেন্ডাৰ জংঘলত চলোৱা বিশেষ অভিযানত নিহত হয় শীৰ্ষ মাওবাদী নেতা পাতিৰাম মাঝি ওৰফে অনল ।
নিহত অনলৰ মূৰৰ মূল্য আছিল এক কোটি টকা। এই অভিযানত অনলৰ লগতে আৰু কেবাজনো মাওবাদী নেতা-নেত্ৰী নিহত হৈছে।
নিৰাপত্তা বাহিনীৰ সূত্ৰ অনুসৰি, অনল আছিল চিপিআই (মাওবাদী)-ৰ কেন্দ্ৰীয় কমিটিৰ সদস্য আৰু সংগঠনৰ ইষ্টাৰ্ণ ৰিজিঅ’নৰ এজন গুৰুত্বপূৰ্ণ নেতা।
গোপন সূত্ৰৰ পৰা তথ্য পোৱাৰ পাছতেই সাৰেন্ডাৰ জংঘলত বৃহৎ পৰিসৰত অভিযান আৰম্ভ কৰা হৈছিল।
অভিযানস্থলীৰ পৰা স্বয়ংক্ৰিয় অস্ত্ৰ-শস্ত্ৰ, গুলী-বাৰুদ আৰু মাওবাদী পুস্তিকা উদ্ধাৰ কৰা হৈছে। বৰ্তমান অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি ৰখা হৈছে আৰু সাধাৰণ লোকক জংঘললৈ যোৱাত নিষেধাজ্ঞা জাৰি কৰা হৈছে।
উল্লেখযোগ্য যে, ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত দেশক মাওবাদমুক্ত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে ঝাড়খণ্ড, চত্তিশগড়সহ বিভিন্ন ৰাজ্যত মাওবাদীবিৰোধী অভিযান অধিক তীব্ৰ কৰি তুলিছে।






























