Mangaldoi Incident:
মঙলদৈত নিশা চাঞ্চল্যকৰ ঘটনা ৷ অচিনাক্ত দুৰ্বৃত্তই কে’বাটাও মন্দিৰত প্ৰৱেশ কৰি মূৰ্তি ভাঙি লণ্ড ভণ্ড কৰে ৷ বুধবাৰে নিশাটোতে চেৰেং মন্দিৰ, গেৰীমাৰী কালি মন্দিৰ,নোৱানদী কালি মন্দিৰসহ মুঠ ১৬ টা মন্দিৰত দুৰ্বৃত্তই মূর্তি ভঙাক লৈ ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় সমগ্ৰ মঙলদৈত ৷ দুৰ্বৃত্তই সংঘটিত কৰা এনে কাৰ্যৰ বিৰুদ্ধে প্ৰতিটো মন্দিৰত উপস্থিত হোৱা ধৰ্মপ্ৰাণ ৰাইজ গৰজি উঠে দুষ্কৃতিকাৰীৰ বিৰুদ্ধে। অতি শীঘ্ৰে দুৰ্বৃত্তক কৰায়ত্ত কৰাৰ দাবী কৰে স্থানীয় ৰাইজে ৷ আনহাতে ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত ।
