Gutkha banned in Oddisa:
ওড়িছাত জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰিলে। ওড়িছা চৰকাৰে গুটখা, ধপাত আৰু নিকটিনযুক্ত সকলো সামগ্রীত নিষেধাজ্ঞা আৰোপ কৰিলে। এতিয়াৰে পৰা ওড়িছাত গুটখা বা আন ধপাতযুক্ত সামগ্ৰীৰ উৎপাদন, পেকেজিং, মজুতকৰণ, পৰিবহণ, বিতৰণ, বিক্ৰী সকলো বন্ধ কৰা হ’ব।
গুটখা আৰু ধপাতজাতীয় সামগ্রীত এই নিষেধাজ্ঞা আৰোপৰ কথা ঘোষণা কৰিলে ওড়িছাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে। চৰকাৰে সদৰী কৰা অনুসৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ আৰু এফএছএছএআইৰ নীতি-নির্দেশনা পালন কৰি ৰাজ্য চৰকাৰখনে এই সিদ্ধান্ত গ্রহণ কৰিলে।
