Spa Salon:
গুৱাহাটীত বিহ মেটেকা পুলিৰ দৰে চুকে-কোণে গঢ়ি স্পা, চেলুন আৰু একাংশ সৌন্দর্য চর্চা প্রতিষ্ঠান নিষিদ্ধ কার্যৰ অভিকেন্দ্র ৰূপে গঢ়ি উঠিছে। এইবোৰ দেহ ব্যৱসায় আৰু মানৱ সৰবৰাহৰ অন্যতম ঘাটি হৈ পৰিছে। যোৱা ২০ জানুৱাৰীৰ নিশাৰ পৰা গুৱাহাটী মহানগৰ আৰক্ষীয়ে অব্যাহত ৰখা অভিযানত গুৱাহাটীৰ পাঁচখন স্পা আৰু চেলুনৰ পৰা এনে কার্যত জড়িত ১০ জন লোকক গ্রেপ্তাৰ কৰা হয়।
আনহাতে, ১৩ গৰাকী যুৱতীক এইবোৰৰ পৰা উদ্ধাৰ কৰা হয় বুলি গুৱাহাটী মধ্য আৰক্ষী জিলাৰ উপ-আৰক্ষী আযুক্ত ছন্তাৰি মিশ্ৰই সদৰী কৰে। পাণবজাৰ, গীতানগৰ, পল্টনবজাৰ আৰু চান্দমাৰি আৰক্ষী থানাৰ অধীনৰ অঞ্চলত চলোৱা হয় এই বৃহৎ অভিযান। ইয়াত পোহৰলৈ অহা তথ্য অনুসৰি, সংশ্লিষ্ট স্পা আৰু চেলুন কেইখনত বিভিন্ন প্রলোভনৰে অবৈধ কার্যত নিয়োজিত কৰা যুৱতীসকলৰ বয়স ২০ৰ পৰা ৩৫ বছৰৰ ভিতৰত। ৰাজ্যৰ বহু ভিতৰুৱা স্থানৰ পৰা ইয়াৰে কে’বাগৰাকী যুৱতীক দালাল চক্রই গুৱাহাটীত নিযুক্তি দিয়াৰ প্রলোভনৰে মাতি আনি এনে অসৎ কার্যত নিয়োজিত কৰিছিল।
মিশ্রই কয় যে এই অভিযানক লৈ পাঁচটা গোচৰ পঞ্জীয়ন কৰা হৈছে। সেই অনুসৰি, পাণবজাৰ আৰক্ষী থানাত ২৯/২০২৬ নম্বৰত ‘ভার্গব স্পা এন্ড হেয়াৰ বিউটি চেলুন’ নামৰ প্রতিষ্ঠানখনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে। এই গোচৰটোত স্পাখনৰ মেনেজাৰৰ লগতে গৰাকী শান্তি দাসকো গ্রেপ্তাৰ কৰা হৈছে। গীতানগৰ আৰক্ষী থানাত ৰুজু হোৱা গোচৰটোৰ নম্বৰ হ’ল ৭/২৬। এআইডিচিহ্নিত ‘মৌ স্পা চেন্টাৰ আৰু বিউটি চেলুন’ নামৰ প্রতিষ্ঠানখনৰ বিৰুদ্ধে এই গোচৰটো ৰুজু কৰা হৈছে। এই গোচৰটোত মেনেজাৰ অসীম শৰ্মাৰ লগতে চাৰিজন গ্রাহকক গ্রেপ্তাৰ কৰা হয়।
আনহাতে দুগৰাকী যুৱতীক ইয়াৰ পৰা উদ্ধাৰ কৰা হয়। গ্ৰেপ্তাৰকৃত গ্রাহক কেইজন হ’ল ৰাজীৱ দাস, ৰাজু বাছফৰ, ৰমেশ ৰাভা আৰু ভাস্কৰজ্যোতি হাজৰিকা। পল্টনবজাৰ থানাত দুটা গোচৰ ৰুজু কৰা হৈছে। ইয়াৰে ২১/২৬ নম্বৰত প্ৰথমটো গোচৰ ৰুজু কৰা হৈছে মণিপুৰীবস্তিস্থিত ‘ব্লিছ স্পা ইউনিচেক্স’ নামৰ প্ৰতিষ্ঠানখনৰ বিৰুদ্ধে। মণিপুৰীবস্তিতে থকা ‘দিব্যা বিউটি ষ্টুডিঅ’ নামৰ প্রতিষ্ঠানখনৰ বিৰুদ্ধে ২২/২৬ নম্বৰত দ্বিতীয়টো গোচৰ ৰুজু কৰা হৈছে। ‘ব্লিছ স্পা ইউনিচেক্স’ৰ গৰাকী জ্ঞানেন্দ্ৰ তালুকদাৰসহ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। গ্ৰেপ্তাৰ কৰা আনজন হ’ল গ্রাহক ৰাজু আলী।
আনহাতে, ‘দিব্যা বিউটি ষ্টুডিঅ’ৰ গৰাকী সম্প্ৰতি পলাতক। প্রতিষ্ঠানখনৰ পৰা তিনিগৰাকী যুৱতীকো উদ্ধাৰ কৰা হয়। চান্দমাৰী আৰক্ষী থানাত ‘কালাৰ্ছ স্পা এণ্ড বিউটি চেলুন’ নামৰ প্রতিষ্ঠানখনৰ বিৰুদ্ধে ৯/২৬ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে। এই প্রতিষ্ঠানখনৰ গৰাকী স্বপ্না বৰাকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীৰ তথ্য অনুসৰি, এই অভিযানত আটাইকেইখন স্পা আৰু সৌন্দর্য চর্চা প্রতিষ্ঠানৰ পৰা আপত্তিজনক বহু সামগ্রী উদ্ধাৰ কৰা হয়।
আৰক্ষী বিষয়া মিশ্ৰই কয় যে এই গোটেই ঘটনাটোত মানৱ সৰবৰাহকাৰী চক্রও জড়িত আছে। নিযুক্তি দিয়াৰ ছলেৰে আনি যুৱতীক এনে কার্যত নিয়োজিত কৰাটো অত্যন্ত উদ্বেগজনক বিষয় বুলি তেওঁ মন্তব্য কৰে I
