৩০ বছৰ বয়সৰ পাছত আপোনাৰ স্মৃতিশক্তি দুর্বল হৈ আহিছে নেকি?

Jivamukti Yoga and Steps to Practise

আমি আমাৰ দৈনন্দিন জীৱনত বহুতো কাম সম্পাদন কৰো। অৱশ্যে আমাৰ দৈনন্দিন কাম-কাজ পালন কৰিলে কেৱল শৰীৰেই নহয়, মনটোও ক্লান্ত হৈ পৰে। আমি প্রায়ে এই মানসিক ক্লান্তিৰ লক্ষণ দেখা পাওঁ। আমি কিবা কামৰ বাবে এটা কোঠাত সোমাও আৰু তাত উপস্থিত হোৱাৰ লগে লগে আমি কিয় আহিলো পাহৰি যাওঁ?

নে আমাৰ জিভাৰ আগত থাকিও কাৰোবাৰ চিনাকি নামটো মনত পেলাব পৰা নাই। এইবোৰ কথা প্রায় সকলোৰে লগত ঘটে আৰু আমি প্রায়ে ইয়াৰ ভাগৰুৱা, টোপনিৰ অভাৱ বা কৰ্মৰ মানসিক চাপ বুলি উলাই কৰি লওঁ।

কিন্তু যদি বাৰে বাৰে এনেকুৱা হয় তেন্তে ই আপোনাৰ মগজুৰ পৰা অহা সতর্কবাণী হ’ব পাৰে। আমাৰ শৰীৰৰ যত্ন লওঁতে আমি প্ৰায়ে আমাৰ মানসিক স্বাস্থ্যক আওকাণ কৰো। এই লেখাটোত আমি আপোনাৰ মগজুক সুস্থ কৰি ৰখাৰ কিছুমান সহজ উপায় শ্বেয়াৰ কৰিম।

ডুৱেল টাস্কিং

আপোনাৰ মগজু সক্ৰিয় কৰি ৰাখিবলৈ আপুনি ডুবেল টাস্কিং গ্ৰহণ কৰিব পাৰে। ইয়াৰ বাবে একেলগে দুটা বেলেগ বেলেগ কাম কৰি আপোনাৰ মগজুক প্রত্যাহ্বান জনোৱাতো জড়িত হৈ থাকে। যেনে খোজকাঢ়ি যোৱাৰ সময়ত বা গান শুনি ঘৰৰ কামবোৰ কৰি পাছলৈ গণনা কৰা। ইয়াৰ ফলত মগজুৰ স্নায়ুৰ মাজত সমন্বয় উন্নত হয় আৰু মাল্টিটাস্কিং সহজ হৈ পৰে।

দৃশ্যমান স্মৃতিশক্তি পৰীক্ষা (পর্যবেক্ষণ)

আপোনাৰ স্মৃতিশক্তি চোকা কৰাৰ বাবেও এটা দৃশ্যমান স্মৃতিশক্তি পৰীক্ষা উপকাৰী বুলি প্রমাণিত হ’ব পাৰে। ৩০ ছেকেণ্ডাৰ বাবে কোনো ছবি, কোঠা বা বাতৰি কাকতৰ পৃষ্ঠা ভালদৰে চাওক। এতিয়া চকু দুটা মুদি মনত ৰাখিবলৈ চেষ্টা কৰক যে আপুনি কিবা এটা ক’ত দেখিছিল আৰু তাৰ ৰং। ইয়াৰ ফলত আপোনাৰ সবিশেষত মনোনিৱেশ কৰাৰ ক্ষমতা বৃদ্ধি পায়।

চুংকিং

ডাঙৰ ডাঙৰ সবিশেষ তথ্য বা সংখ্যা মুখস্থ কৰাৰ অভ্যাস নকৰিব। বৰঞ্চ ইয়াক সৰু সৰু টুকুৰাত ভাঙি লওক। উদাহৰণস্বৰূপে ১০ অংকৰ ম’বাইল নম্বৰ এটা তিনি অংকৰ টুকুৰাত ভাগ কৰি মুখস্থ কৰক। এই কৌশলে আপোনাৰ কৰ্ম স্মৃতিশক্তি চোকা কৰে। এই কৌশলটো বিশেষকৈ ছাত্র-ছাত্ৰী আৰু কৰ্মৰত পেছাদাৰীসকলৰ বাবে উপকাৰী।

মাইণ্ডফুলনেছ আৰু ব্রেথিং ফ’কাচ ট্রেইনিং

এইটোৱে আপোনাৰ মনটোক শিথিল আৰু চোকা কৰাৰ এক ফলপ্রসু উপায়। দিনটোৰ যিকোনো সময়তে ১০ মিনিট নীৰৱে বহি থাকিব। তাৰ পাছত, কেৱল আপোনাৰ উশাহ-নিশাহব ওপৰত মনোযোগ কেন্দ্রীভূত কৰক। মনটো যাতে বিচৰণ কৰিব নোৱাৰে তাৰ বাবে কেৱল নিজৰ উশাহ-নিশাহত মনোনিবেশ কৰক। এই ব্যায়ামে প্রিফ্রন্টেল কর্টেক্স সক্রিয় কবে, যাৰ ফলত সিদ্ধান্ত গ্রহণ আৰু মনোযোগ উন্নত হয়।

নিউৰ ‘প্লাষ্টিচিটি

মনটোক সক্রিয় আৰু সুস্থ কৰি ৰখাৰ আটাইতকৈ উত্তম উপায় হ’ল নতুন নতুন কথা শিকি থকা। ইয়াৰ বাবে নতুন ভাষা শিকক, বাদ্যযন্ত্র বজাবলৈ আৰম্ভ কৰক বা প্রতিদিনে কামলৈ যোৱাৰ নতুন পথ লওক। নতুন কিবা এটা কৰিলে মগজুত নতুন স্নায়ু সংযোগ গঢ় লৈ উঠে, যাৰ ফলত বয়সৰ লগে লগে হোৱা মানসিক সমস্যা বোধ হয়।

Exit mobile version