Punjub:✒️গণৰাজ্য দিৱসৰ আগমুহূৰ্তত দেশজুৰি চাঞ্চল্য। পঞ্জাবৰ ৰেললাইনৰ ওপৰত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত ৰেললাইনৰ প্ৰায় ১৫ ফুট অংশ উৰি যোৱাৰ লগতে এখন মালবাহী ৰেল লাইনচ্যুত হয়।ঘটনাটোত কথ্মপি ৰক্ষা পৰে পণ্যবাহী ৰেলগাড়ীৰ লোকোমোটিভ পাইলটজন ।
ঘটনাটো পঞ্জাবৰ ফতেগড় চাহিব জিলাৰ শ্ৰী হিন্দ ষ্টেচনৰ সমীপত সংঘটিত হয়। তথ্য অনুসৰি, যোৱা ২৩ জানুৱাৰী নিশা প্ৰায় ১০ বজাৰ সময়ত এই বিস্ফোৰণ সংঘটিত হয়। সেই সময়তেই উক্ত লাইনেৰে এখন মালগাড়ী চলি আছিল।
বিস্ফোৰণৰ পাছতে পঞ্জাৱ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। প্ৰাথমিক তদন্তত এই ঘটনাৰ পাছত কূটনৈতিক পৰিকল্পনা থকাৰ সন্দেহ প্ৰকাশ পাইছে।
বিস্ফোৰকৰ মাত্ৰা কম থকাৰ বাবে ডাঙৰ বিপৰ্যয় ৰোধ হোৱা বুলি অনুমান কৰা হৈছে।আৰক্ষীৰ মতে, এই ঘটনাৰ স’তে খালিস্তানপন্থী সংগঠনৰ জড়িত থকাৰ সম্ভাৱনাও খতিয়ান কৰা হৈছে।
গণৰাজ্য দিৱসৰ পূৰ্বে কূটনৈতিক পৰিকল্পনা কাৰ্য সংঘটিত কৰাৰ ষড়যন্ত্ৰ থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে।






























