Elon Musk:✒️টেছলা আৰু স্পেচএক্সৰ মুখ্য কার্যবাহী বিষয়া এলন মাস্কে ডাভ’ছত ব’র্ল্ড ইকন’মিক ফ’ৰাম (ডব্লিউইএফ)ৰ বৈঠকত অংশ লৈ কৃত্রিম বুদ্ধিমত্তা (এআই)ৰ সন্দৰ্ভত গুরুত্বপূর্ণ মন্তব্য কৰিলে।
এআইৰ ভৱিষ্যতৰ সন্দর্ভত মাস্কে দাবী কবি কয় যে আগন্তুক পাঁচ বছৰত কৃত্রিম বুদ্ধিমত্তা মানবতকৈ অধিক বুদ্ধিমান হ’ব। মানুহৰ সামুহিক বুদ্ধিমত্তা অর্থাৎ সম্পূর্ণ মানব জাতিৰ জ্ঞানতকৈ আগন্তুক পাঁচ বছৰত এআইৰ জ্ঞান অধিক প্ৰখৰ হ’ব বুলি মাস্কে ডাভ’ছত ভবিষ্যদ্বাণী কৰিলে।
ব্ৰেকৰকৰ অধ্যক্ষ লৰেন্স ফিংকৰ স’তে ডাভ’ছত বার্তালাপত অংশ লৈ মাস্কে লগতে কয় যে কম্পিউটাৰৰ শক্তি বহু দ্রুতগতিত বৃদ্ধি পাইছে আৰু এআই আধাৰিত ব্যবস্থাই লাহে লাহে অর্থ ব্যৱস্থাত জড়িত হ’ব ধৰিছে।
মাস্কৰ মতে, ছুপাৰ হিউমেন ইন্টেলিজেন্সৰ দিশত চলিত দশকতে ব্যাপক পৰিবৰ্তন প্রত্যক্ষ হ’ব। টেছলাৰ মুৰব্বীয়ে কয় যে চলিত বৰ্ষৰ অন্তিম ভাগত বা অহা বছৰত এনে ধৰণৰ এআইৰ আগমন ঘটিব পাৰে, যি মানৱতকৈ অধিক বুদ্ধিমান হ’ব।
একেদৰে আজিৰ পৰা প্রায় পাঁচ বছৰৰ পাছত কৃত্রিম বুদ্ধিমত্তা সমগ্র মানবৰ বুদ্ধিমত্তাতকৈ অধিক বুদ্ধিমান হ’ব বুলি মাস্কে মত পোষণ কৰিলে।






























