ঝাৰখণ্ডৰ জংঘল অঞ্চলত ভুৱা সংঘর্ষ সংঘটিত কৰি ১৭ জন মাওবাদীক হত্যা কৰা হৈছে বুলি গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে CPI (মাওবাদী) সংগঠনে। সোমবাৰে সংগঠনটোৰ বিহাৰ-ঝাৰখণ্ড স্পেছেল এৰিয়া কমিটীৰ তৰফৰ পৰা মাওবাদী মুখপাত্ৰ আজাদে অডিও বাৰ্তাৰ জৰিয়তে এই অভিযোগ কৰে।
অডিও প্ৰেছ বিজ্ঞপ্তিত আজাদে দাবী কৰে যে, জিপিএছ ট্ৰেকাৰৰ সহায়ত মাওবাদীসকলৰ অৱস্থান চিনাক্ত কৰি সেনাবাহিনীৰ হেলিকপ্টাৰৰ পৰা ‘আকাশপথে আক্ৰমণ’ চলোৱা হৈছিল।
তেওঁ লগতে গুৰুতৰ অভিযোগ তোলে যে, খাদ্য সামগ্ৰীত বিষ মিহলাই মাওবাদী দমন কৰিবলৈ চেষ্টা কৰা হৈছিল, যাক তেওঁ অবৈধ, অসাংবিধানিক আৰু অঘোষিত অভিযান বুলি উল্লেখ কৰে।
আজাদৰ মতে, ২১ জানুৱাৰীৰ পৰা চাৰান্ডা জংঘলৰ বলিবা-বাবুডেৰা অঞ্চলত দুই-তিনিখন সেনা হেলিকপ্টাৰৰ সহায়ত গুলী-বাৰুদেৰে ব্যাপক আক্ৰমণ চলোৱা হৈছিল। এই অভিযানত কোব্ৰা ২০৯ বাহিনী, ঝাৰখণ্ড জাগুৱাৰ আৰু ঝাৰখণ্ড আৰক্ষী জড়িত আছিল বুলিও তেওঁ অভিযোগ উত্থাপন কৰে ।
অডিও বাৰ্তাত উল্লেখ কৰা মতে, এই আক্ৰমণত নিহত হোৱা পতিৰাম মাঝি ওৰফে অনলদা আছিল বিহাৰ-ঝাৰখণ্ড স্পেছেল এৰিয়া কমিটীৰ সচিব আৰু লালচন্দ্ৰ হেমব্ৰম ওৰফে অনমল আছিল ওড়িশা ৰাজ্য কমিটীৰ সদস্য।
মাওবাদী মুখপাত্ৰৰ অভিযোগ অনুসৰি, এই আক্ৰমণৰ ফলত জংঘল সন্নিহিত গাঁওসমূহৰ লোক আতংকিত হৈ নিজৰ ঘৰ এৰি পলাই যাবলগীয়া হৈছে। তেওঁ এই ঘটনাক ভুৱা সংঘর্ষত কৰা নিৰ্মম হত্যা বুলি অভিহিত কৰি তীব্ৰ নিন্দা জনায়।
লগতে অডিও বাৰ্তাৰ জৰিয়তে নিহত ১৭ জন মাওবাদীক ‘শ্বহীদ’ হিচাপে শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে আৰু এই ঘটনাৰ প্ৰতিবাদত তীব্ৰ প্ৰতিৰোধ গঢ়ি তুলিবলৈ আহ্বান জনোৱা হৈছে।






























