দেশজুৰি চাঞ্চল্য। দিল্লীৰ শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ স্মৃতি পুনৰ জাগ্ৰত কৰিলে আগ্ৰাৰ এক ভয়ংকৰ ঘটনাই। সন্দেহৰ বশৱৰ্তী হৈ প্রেমিক বিনয়ে নিজৰ প্রেমিকাক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উঠিছে।
তথ্য অনুসৰি, ২৩ জানুৱাৰীত আগ্ৰাৰ ট্ৰান্স যমুনা থানা অন্তৰ্গত পাৰ্বতী বিহাৰত এই ঘটনা সংঘটিত হয়। বিনয় আৰু নিহত যুৱতীগৰাকী একেটা কাৰ্যালয়তে কাম কৰিছিল।
প্রেমিকাৰ অন্য পুৰুষৰ স’তে সম্পৰ্ক থকাৰ সন্দেহক কেন্দ্ৰ কৰিয়ে দুয়োৰে মাজত তীব্ৰ বিবাদ হয়।
আৰক্ষীৰ জেৰাত বিনয়ে স্বীকাৰ কৰে যে, প্ৰচণ্ড খঙত তেওঁ ছুৰিকাঘাতেৰে প্রেমিকাক হত্যা কৰে আৰু পাছত মৃতদেহ টুকুৰা কৰি এটা বস্তাত ভৰাই। তাৰ পাছত মৃত যুৱতীগৰাকীৰ শৰীৰৰ টুকুৰা স্কুটীতেই লৈ প্ৰায় দুই কিলোমিটাৰ দূৰৰ যমুনা সেতুত পেলাই দিয়ে। কটা মূৰ ড্ৰেইনত পেলোৱাৰ কথাও স্বীকাৰ কৰিছে অভিযুক্তই। এতিয়ালৈকে মৃতদেহৰ মূৰ উদ্ধাৰ হোৱা নাই।
প্ৰায় ১০০টা চিচিটিভি ফুটেজ পৰ্যালোচনা কৰি পুলিচে এই হত্যাকাণ্ডৰ ৰহস্য উন্মোচন কৰে। ঘটনা পোহৰলৈ অহাৰ পাছতে অঞ্চলজুৰি আতংক আৰু ক্ষোভৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে, যোৱা বছৰৰ ১৮ মে’ত দিল্লীৰ মেহৰৌলীত শ্ৰদ্ধা ৱাকাৰক তেওঁৰ লিভ-ইন সঙ্গী আফতাব আমিন পুনাওয়ালাই হত্যা কৰি দেহ ৩৫টা টুকুৰা কৰিছিল। আগ্ৰাৰ এই ঘটনা সেই ভয়ংকৰ হত্যাকাণ্ডৰ পুনৰাবৃত্তি যেন অনুভৱ হৈছে।






























