Asom Natya Sanmilan:
১৯৫৯ চনত স্থাপিত হোৱা অসম নাট্য সন্মিলনৰ প্ৰতিষ্ঠাপক সভাপতি আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা । অসম নাট্য সন্মিলন বৰ্তমান সময়ত অসমৰ এটি বৃহৎ জাতীয় অনুষ্ঠান । অসম নাট্য সন্মিলনৰ কৰ্ম তথা আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ বৰ্তমান সময়তো নতুনকৈ জিলা সমিতি তথা বহু শাখা গঠন হৈয়ে আছে । নাট্যচৰ্চাৰ ক্ষেত্ৰত এক বাতাবৰণ গঢ়ি তোলাৰ স্বাৰ্থত নাট্য সন্মিলনে সহৃদয়তাৰে অহৰহ কাম কৰি আছে । প্ৰতিবছৰে অসমৰ কোনো এখন ঠাইত নাট্য সন্মিলনৰ মূল অধিৱেশন আৰু পূৰ্ণাংগ নাট প্ৰতিযোগিতা অনুষ্ঠিত হয়।সমগ্ৰ অসমত নাট্য সন্মিলনৰ চাৰিটা মণ্ডল আছে । মণ্ডল কেইটা হৈছে কামপীঠ, সৌমাৰপীঠ, স্বৰ্ণপীঠ আৰু ৰত্নপীঠ মণ্ডল ।
প্ৰতিটো মণ্ডলতে সুকীয়া সুকীয়াকৈ পূৰ্ণাংগ নাট প্ৰতিযোগিতা অনুষ্ঠিত হয় । প্ৰতিটো মণ্ডলৰ পৰা প্ৰথম আৰু দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰা দলকেইটা নিৰ্বাচিত হয় মূল পূৰ্ণাংগ নাট প্ৰতিযোগিতাৰ বাবে । অৱশ্যে যিটো মণ্ডলত নাট প্ৰতিযোগিতাত দহ খনতকৈ অধিক নাটকে অংশগ্ৰহণ কৰে সেই মণ্ডলৰ পৰা তৃতীয় শ্ৰেষ্ঠ নাট্যদলটিয়েও মূল প্ৰতিদন্দিতালৈ যোগ্যতা অৰ্জন কৰে ।
মূল পূৰ্ণাংগ নাট প্ৰতিযোগিতাত নগাঁও জিলাই পূৰ্বতে কেইবাবাৰো শ্ৰেষ্ঠ নাট্যদলৰ সন্মান লাভ কৰিছিল যদিও যোৱা তিনিটা বৰ্ষত একেৰাহে নগাঁও জিলাই শ্ৰেষ্ঠ নাট্যদলৰ সন্মান লাভ কৰি নগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে । এই প্ৰাপ্তিৰ বাবে নগঞা ৰাইজ উৎফুল্লিত হৈ পৰিছে । নগাঁৱৰ এই ধাৰাবাহিক সফলতাৰ প্ৰথম খতিয়ান হৈছে তেজপুৰ অধিৱেশন ২০২৪ ।
নাটক-‘আধা অঁকা ছবি’,নাট্যকাৰ-গৌতম শইকীয়া পৰিচালক-বিদ্যুৎ কুমাৰ নাথ অসম নাট্য সন্মিলন, মধুপুৰ শাখা,নগাঁও । দ্বিতীয় খতিয়ান হৈছে বেলশৰ অধিৱেশন-২০২৫ । নাটক-‘কাঁইট’নাট্যকাৰ-পৰিচালক পবিত্ৰ কলিতা, নগাঁও সদৰ শাখা । শেহতীয়া তৃতীয় খতিয়ান হৈছে সদ্য সমাপ্ত কলিয়াবৰ অধিৱেশন-২০২৫ । নাটক-‘কেনভাছ’ নাট্যকাৰ-পৰিচালক নেত্ৰ কমল বৰা ,অসম নাট্য সন্মিলন,শতাব্দী শাখা,নগাঁও । নগাঁও জিলাৰ এই তিনিওটা শাখাকে এতিয়া আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে নগঞা ৰাইজে লগতে অনাগত দিনসমূহতো এই ধাৰাবাহিকতা অটুট ৰাখিবলৈ আহ্বান জনাইছে ।
