Dhubri:
প্ৰতিখন ফেৰী বা ভটভটী নাৱত লাইফ জেকেট থকাটো বাধ্যতামূলক যদিও একাংশ ফেৰী বা ভটভটীয়ে এই সমূহ সামগ্ৰী নথকাকৈয়ে বিপদজনকভাৱে দৈনিক নদী বুকুৰে যাত্ৰীক আহযাহ কৰি থকা হৈছে ৷ মঙলবাৰে ধুবুৰীৰ ব্ৰহ্মপুত্ৰত সংঘটিত হয় এক ভয়ংকৰ অঘটন ৷ চেঙা সমষ্টিৰ ৰহমপুৰত যাত্ৰী কঢ়িয়াই নিয়া এখন নাও ব্ৰহ্মপুত্ৰৰ বুকুত বুৰ যায়। ফলত যাত্ৰীৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ বহু কেইজন যাত্ৰী সাঁতুৰি পাৰ হোৱাৰ লগতে কিছু সংখ্যকক আন নাওৰে উদ্ধাৰ কৰা হয় যদিও নিৰুদ্দেশ হৈ আছে ৭ যাত্রী ৷
উল্লেখ্য যে নাওখনত নিৰ্ধাৰিতকৈ অধিক যাত্ৰী কঢ়িওৱাৰ অভিযোগ উদ্থাপিত হৈছে ৷ একেদৰে নাৱৰীয়াৰ অসাৱধানতাৰ বাবেই এই শোকাৱহ দুৰ্ঘটনাটি সংঘটিত হয় বুলি অভিযোগ স্থানীয় লোকৰ ৷ ইতিমধ্যে ঘটনাস্থলীত এছডিআৰএফ আৰু আৰক্ষী দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে ৷
মনকৰিবলগীয়া যে লুইতৰ বুকুত সম্পূৰ্ণৰূপে বুৰ যোৱা যাত্রীবাহী নাও খনত এটাও লাইফ জেকেট নথকাৰ গুৰুতৰ অভিযোগ উদ্থাপন হৈছে ৷ আভান্তৰীণ জল পৰিবহন বিভাগৰ নিৰ্দেশনাক বুঢ়া আঙুলি দেখুৱাই একাংশ লেছী আৰু ভটভটীয়ে যাত্ৰীৰ জীৱনক লৈ হেতালি খেলি আহিছে ।
