Guwahati:
ৰাষ্ট্ৰীয়কৃত বেংক কৰ্মচাৰীৰ কৰ্মদিন সপ্তাহত পাঁচদিন কৰাৰ দাবীত মঙলবাৰে দেশজুৰি ইউনাইটেড ফ’ৰাম অৱ বেংক ইউনিয়নছৰ আহ্বানত বিষয়া- কৰ্মচাৰী সকলে ৰূপায়ণ কৰে প্ৰতিবাদ কাৰ্যসূচী।
গুৱাহাটীটো গনেশগুৰিস্থিত এছবিআই আঞ্চলিক কাৰ্যালয়ৰ সন্মুখত হাতে হাতে প্লে-কার্ড লৈ এছবিআই বেংক কৰ্মচাৰী সকলে বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷ উল্লেখ্য যে আজি সমগ্ৰ দেশতে বেংক কৰ্মচাৰীয়ে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী
