Majuli:মাজুলীত বিহ দি পৰিভ্ৰমী পক্ষী নিধন

বন বিভাগৰ অভিযানত আটক ১৭জনক

WhatsApp Image 2026 01 27 at 11.09.25 AM

Majuli:

শীতৰ আগমনৰ পৰাই দেশ – বিদেশৰ বিভিন্ন পৰিভ্ৰমী পক্ষী কলকলনিত মুখৰিত হৈ পৰে নদীদ্বীপ মাজুলী বিভিন্ন জলাশয় ৷ কিন্ত শেহতীয়াকৈ একাংশ মানৱৰূপী দানৱৰ দ্বাৰা নিধন হৈছে এই পৰিভ্ৰমী পক্ষী ৷ গণতন্ত্ৰ দিৱসৰ দিনটোতে মাজুলীৰ কমাৰগাঁৱৰ পথাৰত বিহ দি নিধন অর্ধশতাধিক পৰিভ্ৰমী পক্ষী। ছটফটাই থকা অৱস্থাত উদ্ধাৰ হয় ৮টাকৈ পক্ষী। বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ ছটফটাই থকা ৮টাকৈ পক্ষী চিকিৎসাৰ বাবে পশু চিকিৎসকৰ ওচৰলৈ লৈ যায়।

আনহাতে বন বিভাগৰ লোক পৰ্যবেক্ষণ কৰি নিশ্চিত কৰে যে বিহ দি নিধন কৰা হৈছে পৰিভ্ৰমী পক্ষী জাকক ৷ বন বিভাগৰ লোকে আৰু আৰক্ষীয়ে স্থানীয় লোকৰ অভিযোগৰ ভিত্তিত যৌথ অভিযান চলাই ১৭জনক আটক কৰে ৷ধৃতসকলৰ ভিতৰত আছে ১৩ গৰাকী পুৰুষ, ৪গৰাকী মহিলা । পক্ষী নিধনৰ মুল মাষ্টাৰ মাইণ্ড বৰপেটাৰ কলিম উদ্দিনৰ পৰা উদ্ধাৰ হয় হাঁহৰ পাখি, ফুৰাডন ৷ ইতিমধ্যে আটাইকে সোধপোছ অব্যৎ ৰাখিছে আৰক্ষীয়ে।

Exit mobile version