Republic Day Celebrations in Diphu-Haflong:
:ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ দৰে তিনিখন পাৰ্ৱত্য জিলা ডিফু ,হামৰেণ আৰু হাফলঙতো উলহ মালহেৰে ৭৭সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় ।
কাৰ্বি আংলং জিলাৰ প্ৰশাসন লগতে আৰক্ষী প্ৰশাসন সহযোগিতা ডিফু বালিকা উচ্চতৰ মাধ্যমিক খেল পথাৰত কাৰ্বি আংলং স্বাযত্ব শাসিত পৰিষদৰ চিইএম ড: তুলিৰাম ৰংহাংঙে মূখ্য অতিথি ৰূপত উপস্থিত হৈ ৰাষ্ট্ৰীয় পতাকা উক্তোলন কৰাৰ লগতে আৰ্মি ;আৰক্ষী আৰু ডিফুত বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীৰ কুজকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। তদুপৰি গণ্যৰাজ্য দিৱৰ প্ৰতিলক্ষ্য ৰাখি জিলা পশুপালন বিভাগৰ প্ৰদৰ্শনী কৰা হয় । সমা্ন্তৰালভাৱে কাৰ্বি নৃত্য ,বিহু নৃত্য ,গাৰো ;হাজং ,তিৱা ,নাগা ৰেংমা ,মাৰ ,মিজো আৰু বড়ো সকলৰ বাগৰুম্বা নৃত্যও প্ৰদৰ্শন কৰে৷ ৷ জিলা প্ৰশাসনৰ তৎপৰতাত স্কুলীয়া ছাত্ৰ- ছাত্ৰী মাচপাছ সুন্দৰকৈ প্ৰদৰ্শন কৰা বিদ্যালয়ক পুৰস্কাৰ প্ৰদান কৰা হয় ৷
আনহাতে ডিমা হাচাও জিলাৰ প্ৰশাসনৰ উদ্যোগত হাফলংঙত ৭৭সংখ্যক গণ্যৰাজ্য দিৱস সংগতি ৰাখি ৰাষ্ট্ৰীয় পতাকা উক্তোলন কৰে ডিমা হাচাও স্বাযত্ব শাসিত পৰিষদৰ মূখ্য কাৰ্য্যবাহী সদস্য দেৱলাল গৰ্লোচা সহযোগহ জিলা আযুক্ত আৰু আৰক্ষী অধীক্ষকে ৷ ডিমাছা নৃত্যকে আদি কৰি জনগোষ্ঠীৰ নৃত্যও প্ৰদৰ্শন কৰে ৷ ডিফুত ড° তুলিৰাম ৰংহাংঙে চৰকাৰী উন্নয়নমুলক আঁচনি সমুহৰ ব্যাখ্যা আগবঢ়াই ৷ ঠিক হাফলংঙত দেৱলাল গৰ্লোচাও জিলাখন বিভিন্ন চৰকাৰৰ উন্নয়নমূখী আঁচনি সমুহৰ ব্যাখ্যা আগবঢ়াই ৷ সমান্তৰালভাৱে পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰশাসনৰ আৰু আৰক্ষী প্ৰশাসনৰ সহযোগিতা হামৰেণ ৰংবংৰংহাং খেলপথাৰত ভাৰতবৰ্ষৰ অন্য প্ৰান্তৰ দৰে গণ্যৰাজ্য দিৱস উদযাপিত কৰে ৷ ৭৭সংখ্যক গণ্যৰাজ্য দিৱসৰ সংগতি ৰাখি ৰাট্ৰীয় পতাকা উক্তোলন কৰে জিলা আযুক্ত সাৰাংশ পানী শৰ্মায়ে সহযোগ কৰে জিলাখনৰ উচ্চ আৰক্ষী বিষয়া ৷ হামৰেণস্থিত বিভিন্ন বিদ্যালয় ছাত্ৰ- ছাত্ৰী সকলে মাচ পাচ সম্ভাষণ গ্ৰহণ কৰে ৷ তদুপৰি অসম আৰক্ষী জোৱানেও মাচপাচ প্ৰদৰ্শন কৰে ৷ বিভিন্ন বাৰেবহনীয়া সাংস্কৃতিক নৃত্যও প্ৰদৰ্শন কৰা পৰিলক্ষিত হয় ৷ মুঠতে বাতৰি সংগ্ৰহ কৰালৈকে গণৰাজ্য দিৱসৰ কোনো অপ্ৰীতিকৰ ঘটনা হোৱা নাই ৷ শান্তিপূৰ্ণভাৱে তিনিখন জিলা সদৰত গণ্যৰাজ্য উদযাপিত হৈছে ৷