Historic deal:✒️একপক্ষীয় বাণিজ্য যুদ্ধ ঘোষণাৰে ভাৰতীয় সামগ্ৰীৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰা মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ এক স্পষ্ট কূটনৈতিক বার্তা দি ভাৰতে ইউৰোপীয় সংঘৰ স’তে এক বাণিজ্য চুক্তি স্বাক্ষৰৰ সিদ্ধান্ত চূড়ান্ত কৰিলে।
সকলো চুক্তিৰ ‘মাতৃ’ৰূপে অভিহিত কৰা এই চুক্তি কাৰ্যকৰী হ’লে ভাৰতে ৰপ্তানি কৰা ৯০ শতাংশ সামগ্রীয়ে বিনাশুল্কে ইউৰোপৰ এই ২৭ দেশৰ বজাৰত প্ৰৱেশ কৰিব। ফলত কম দামতে ইউৰোপৰ এই দেশসমূহৰ বজাৰত ভাৰতীয় সামগ্রী উপলব্ধ হ’ব। ইয়াৰ ফলস্বৰূপে ইউৰোপলৈ ভাৰতীয় সামগ্ৰীৰ ৰপ্তানি বৃদ্ধিৰ প্ৰবল সম্ভাৱনা আছে।
একেদৰে এই ২৭ দেশৰ পৰা ভাৰতলৈ আমদানি হোৱা সামগ্রীতো শুল্ক প্রত্যাহাৰ বা শুল্কৰ পৰিমাণ কম হ’ব। ফলত দেশৰ বজাৰত তুলনামূলকভাবে কম মূল্যত ইউৰোপীয় সামগ্রী উপলব্ধ হ’ব। গতিকে চুক্তিখন স্বাক্ষৰে দুয়োপক্ষকে উপকৃত কৰাৰ থল আছে। ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এই চুক্তিক দেশৰ বৃহত্তম বাণিজ্যিক চুক্তি বুলি অভিহিত কৰিছে। মোদীয়ে আঙুলিয়াই দিছে যে সমগ্র বিশ্বই এই চুক্তিক সকলো চুক্তিৰ জননী বা মাতৃ আখ্যা দিছে।
উল্লেখ্য যে ট্রাম্পে অত্যধিক শুল্ক আৰোপ কৰাত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ভাৰতীয় সামগ্ৰীৰ ৰপ্তানি পূৰ্বৰ তুলনাত হ্রাস পোৱা বুলি চর্চা হৈ আছে। একেদৰে ট্রাম্পৰ এই শুল্কই ভাৰতৰ শ্বেয়াৰ বজাৰতো বিৰূপ প্রভাৱ পেলোৱাত দেশৰ দুয়োখন শ্বেয়াৰ বজাৰৰ সূচকাংক নিম্নগামী হৈ আছে। এনে অবস্থাতে ইউৰোপীয় সংঘৰ স’তে নতুন দিল্লীৰ বাণিজ্য চুক্তি স্বাক্ষৰৰ সম্ভাৱনা চূড়ান্ত হৈছে। অৱশ্যে চুক্তিখনত দুয়োপক্ষৰ স্বাক্ষৰ বা মোহৰ লাগিবলৈ আৰু কিছুমাহ অপেক্ষা কৰিব লাগিব বুলি উচ্চস্তৰীয় চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।
সূত্রই প্রকাশ কৰা অনুসৰি চুক্তিখনৰ প্ৰতি দুয়োপক্ষই সন্মতি প্রকাশ কৰিলেও কিছু প্রশাসনিক প্রক্রিয়া বর্তমানেও বাকী আছে। দুয়োপক্ষৰ আইনী গোটে চুক্তিখনৰ খুটি-নাটি মাৰি জুকিয়াই চাব। এই খুটি-নাটি মাৰি কৰা পৰীক্ষা প্রক্রিয়া অন্ত পৰিবলৈ পাঁচৰ পৰা ছমাহ সময়ৰ প্ৰয়োজন হ’ব। তাৰপাছতহে চুক্তিখন স্বাক্ষৰ হ’ব বুলি সূত্রই সদৰী কৰিছে। গতিকে চলিত বৰ্ষৰ অন্তিম বা অহা বছৰৰ পৰাহে চুক্তিখন কার্যকৰী হ’ব বুলি বিশেষজ্ঞসকলে ধাৰণা কৰিছে।
ভাৰতৰ স’তে স্বাক্ষৰ হ’ব লগা এই চুক্তিক লৈ আশাবাদী হৈছে ইউৰোপীয় আয়োগৰ অধ্যক্ষ উর্দুলা ভন ডাৰ লিয়নো। চুক্তিখনক ইউৰোপীয় আয়োগৰ অধ্যক্ষগৰাকীয়ে উচ্চ প্রশংসা কৰিছে।
সর্বাধিক লাভান্বিত হ’ব স্বাস্থ্য খণ্ড: হ্রাস পাব চিকিৎসাৰ খৰচ!
দৰাচলতে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত স্বাক্ষৰ হ’ব লগা এই চুক্তি হৈছে মুক্ত বাণিজ্য চুক্তি। চুক্তিখন কাৰ্যকৰী হ’লে যিদৰে ভাৰতৰ পৰা ৯০ শতাংশ ৰপ্তানিকৃত সামগ্রীয়ে যেনেদৰে ইউৰোপৰ ২৭ দেশৰ বজাৰত বিনাশুল্কে প্ৰৱেশ কৰিব তেনেদৰে নতুন দিল্লীয়েও ইউৰোপৰ এই দেশসমূহৰ সামগ্ৰীৰ ওপৰত শুল্ক প্রত্যাহাৰ কৰিব। তদুপৰি এই চুক্তিৰ সুবাদত বিশ্বৰ ৰপ্তানিযোগ্য ২৫ শতাংশ সামগ্ৰীত কোনো ধৰণৰ শুল্ক আৰোপ কৰা নহয়।
ফলস্বৰূপে এই চুক্তিৰ প্রত্যক্ষ সুফল লাভ কৰিব ভাৰত আৰু ইউৰোপৰ এই ২৭ দেশৰ মুঠ ১৯০ কোটিৰো অধিক ক্রেতাই। সেয়েহে চুক্তিখনক সকলো চুক্তিৰ মাতৃ আখ্যা দিয়া হৈছে। উল্লেখ্য যে পণ্য ৰপ্তানিৰ হাৰ অনুসৰি ইউৰোপীয় সংঘ হৈছে ভাৰতৰ বৃহত্তম বাণিজ্যিক সংগী। উক্ত মুক্ত বাণিজ্য চুক্তি কার্যকৰী হ’লে ইউৰোপীয় সংঘৰ অন্তর্ভুক্ত দেশসমূহৰ ৯৬.৬ শতাংশ সামগ্ৰীয়ে ভাৰতৰ বজাৰত বিনাশুল্কে প্রবেশ কৰিব। ফলত গাড়ীৰ উপৰি এই দেশসমূহৰ পৰা ভাৰতলৈ আমদানিকৃত সুৰা, বীয়েৰ, জলফাইৰ তেল, খোৱা তেল, ফলৰ ৰস, এলকহলবিহীন বীয়েৰ, সংসাধিত খাদ্য যেনে পাউরুটি, পেষ্টি, বিস্কুট, পাষ্টা, চকলেট আদিৰ লগতে ভেড়াৰ মাংসকে ধৰি বিভিন্ন মাংসৰ মূল্য হ্রাস পাব। এই ক্ষেত্রত সর্বাধিক দেশৰ চিকিৎসা ক্ষেত্র লাভান্বিত হ’ব বুলি চর্চা হৈছে।
চুক্তিখন বলবৎ হোৱাৰ পাছত চিকিৎসালয়সমূহ বা গবেষণাগাৰসমূহে কম খৰচত চিকিৎসা সা-সৰঞ্জাম ক্ৰয় কৰিব পাৰিব। কাৰণ চুক্তিখন কাৰ্যকৰী হোৱাৰ লগে লগে চিকিৎসা সা-সৰঞ্জামৰ ৯০ শতাংশ সামগ্ৰীৰ শুল্ক ২৭.৫ শতাংশৰ পৰা শূন্যলৈ নামি আহিব। অৰ্থাৎ ভাৰতে ইউৰোপৰ পৰা আমদানি কৰা চিকিৎসাৰ যন্ত্ৰ, ৰোগ চিনাক্তকৰণ যন্ত্র, লেন্স আৰু অস্ত্রোপচাৰৰ সৰঞ্জাম মূল্য হ্রাস পাব। ফলত বিভিন্ন ৰোগৰ চিকিৎসা ব্যয় হ্রাস পোৱাৰ সম্ভাৱনা আছে।
আনহাতে, চুক্তিখনক লৈ উৎফুল্লিত হৈ প্রধানমন্ত্রী মোদীয়ে কয়, ‘এই চুক্তিয়ে ভাৰতৰ ১৪০ কোটি লোক আৰু ইউৰোপৰ দেশসমূহৰ কোটি কোটি লোকক উপকৃত কৰিব। দুয়োপক্ষৰ জনতাক বহু সুযোগ প্রদান কৰিব। নিৰ্মাণ খণ্ডৰ পৰা উদ্যোগ খণ্ডক আৰু গতি প্রদান কৰিব।’ মোদীয়ে আজি ‘ইন্ডিয়া এনার্জি উইক-২০২৬’ মুকলি কৰে। অনুষ্ঠানত দিয়া ভাষণত তেওঁ কয়, ‘ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত এক ঐতিহাসিক চুক্তি স্বাক্ষৰ হ’বলৈ গৈছে। বিশ্বৰ মানুহে কৈছে, ‘এই চুক্তি সকলো চুক্তিৰ মাতৃ।’
উল্লেখ্য যে এইবাৰৰ গণৰাজ্য দিৱসৰ দিল্লীৰ কেন্দ্ৰীয় অনুষ্ঠানত অন্যতম মূল অতিথিরূপে অংশগ্ৰহণ কৰে ইউৰোপীয় আয়োগৰ অধ্যক্ষ লিয়ন আৰু ইউৰোপীয় আয়োগৰ মুৰব্বী এন্টনিা’ ক’ষ্টাই। কালি দুয়োৰে স’তে চুক্তিখনক লৈ প্রধানমন্ত্রী মোদী আলোচনাত মিলিত হয়। বৈঠকত দুয়োপক্ষই চুক্তিখনক লৈ আশা প্রকাশ কৰে বুলি সূত্রই জনায়। আনহাতে, মোদীৰ স’তে হোৱা বৈঠকৰ পূৰ্বে লিয়নে কয়, ‘সফল ভাৰতে বিশ্বক আৰু স্থিতিশীল, উন্নত আক নিৰাপদ কৰি তুলিব।’
উল্লেখ্য যে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত বিগত ১৮ বছৰ ধৰি চলা আলোচনাৰ অন্তত দুয়োপক্ষৰ মাজত মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰৰ পথ প্রশস্ত হ’ল। বিশেষজ্ঞসকলৰ মতে এই চুক্তি কার্যকৰী হ’লে বর্তমানে প্লাষ্টিকৰ ওপৰত থকা ১৬.৫ শতাংশ আৰু ৰাসায়নিক দ্ৰব্যৰ ওপৰত থকা ২২ শতাংশ শুল্ক শূন্য বা তাৰ ওচৰ-পাঁজৰলৈ হ্রাস পাব। গতিকে পেকেজিং, ঔষধ, বস্ত্র আৰু আন ভোগ্য সামগ্ৰীৰ উদ্যোগত কেঁচামালৰূপে ব্যৱহাৰ হোৱা প্লাষ্টিকৰ মূল্য হ্রাস পালে অনেক নিত্য প্রয়োজনীয় সামগ্ৰীৰ মূল্য ভাৰতৰ বজাৰত হ্রাস পাব পাৰে।
একেদৰে এই চুক্তিয়ে বিদেশী সুৰা প্ৰেমীসকলৰ মুখলৈ হাঁহি অনাৰ সম্ভাৱনা আছে। কাৰণ ইউৰোপৰ পৰা আমদানি কৰা প্রিমিয়াম গোটৰ সুৰাৰ শুল্ক বৰ্তমানৰ ১৫০ শতাংশৰ পৰা ২০ শতাংশলৈ নামি অহাৰ সম্ভাৱনা প্রবল। একেদৰে মজলীয়া মূল্যৰ সুৰাৰ শুল্কও ৩০ শতাংশলৈ হাসৰ সম্ভাৱনা আছে। অনুৰূপ ধৰণে স্পিৰিটৰ শুল্ক ১৫০ শতাংশৰ পৰা ৪০ শতাংশলৈ নামি অহাৰ সম্ভাৱনাই দেখা দিছে। বীয়েৰৰ শুল্কও বৰ্তমানৰ ১১০ শতাংশৰ পৰা ৫০ শতাংশলৈ হ্রাস পাব পাৰে।
গতিকে ভাৰতত জনপ্রিয় কার্লছবার্গ, টুবোর্গ (ডেনমার্ক), হেইনকেন (নেদাৰলেণ্ড), বাড য়াইজাৰ (চেক গণৰাজ্য)ৰ লেখীয়া বীয়েৰৰ মূল্য হ্রাস পোৱাৰ সম্ভাৱনা আছে। একেদৰে আমদানিকৃত গাড়ীৰ মূল্যও হ্রাস পাব। সূত্রই জনোৱা মতে, ১৬ লাখ ২৬ হেজাৰ টকাতকৈ অধিক দামৰ আমদানিকৃত গাড়ীৰ দাম শুল্ক হ্রাস কৰিবলৈ নতুন দিল্লীয়ে ইউৰোপীয় সংঘৰ ওচৰত প্ৰস্তাৱ দিয়ে। এই প্রস্তাৱ কার্যকৰী হোৱাৰ সম্ভাৱনা প্রৱল।






























