Public Protest:এছ আৰ জৰিয়তে খিলঞ্জীয়া মুছলমানৰ নাম কৰ্তনৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ দেশী জনগোষ্ঠীয় মঞ্চৰ

WhatsApp Image 2026 01 28 at 5.16.37 PM

Public Protest:

ভোটাৰ তালিকা নিখুঁত কৰাৰ নামত নিৰ্বাচন আয়োগে এছ আৰ জৰিয়তে বৈধ ভোটাৰৰ নাম কৰ্তন কৰাক লৈ ৰাজ্যৰ চৌদিশে উত্তাল পৰিবেশ বিৰাজ কৰিছে ৷ ইয়াৰ মাজতে এছআৰৰ জৰিয়তে হাজাৰ হাজাৰ খিলঞ্জীয়া মুছলমানৰ নাম কৰ্তন কৰাৰ অভিযোগ সঘনাই উদ্থাপিত হৈ অহাত নিৰ্বাচন আয়োগৰ বিৰুদ্ধে গৰজি উঠিল দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ আৰু গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদ ৷

বুধবাৰে দেশী জনগোষ্ঠীয় মঞ্চ, অসমৰ আৰু গৰিয়া মৰীয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত গোলকগঞ্জৰ সম জিলাৰ কাৰ্যালয়ৰ সন্মুখত কে’বা শতাধিক প্ৰতিবাদকাৰীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সংগঠন দুটাৰ নেতৃবৰ্গই আয়োগে লোৱা পদক্ষেপ প্ৰত্যাহাৰ কৰাৰ দাবী উদ্থাপন কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে।

Exit mobile version