Robbery incident in Rangia:
ৰঙিয়াত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ড ৷ গৃহস্থক চোকা জাতীয় অস্ত্ৰৰে ডিঙি ৰেপি ডকাইতে লুটি নিলে কে’বা লাখ নগদ ধন ৷
প্ৰাপ্ত খবৰ অনুসৰি ৰঙিয়াৰ কৰৰাৰ নিবাসী গৌতম কলিতা ঘৰত মঙলবাৰে নিশা সশস্ত্ৰ তিনিজনীয়া ডকাইতিৰ দলে প্ৰৱেশ কৰে। ডকাইত দলটোৱে কোনো কথাৰ অৱতাৰণা নকৰাকৈ গৌতম কলিতাৰ ডিঙিত চোকা জাতীয় অস্ত্ৰৰে ডিঙিত আঘাত কৰি ঘৰৰ মূল্যৱান আ- অলংকাৰ সহ ১৮ লাখ টকা লুটপাত কৰি উধাও হয় ৷ পিছত স্থানীয় লোকে বাসগৃহটোৰ গৰাকী গৌতম কলিতাক তেজেৰে তুমৰলি হৈ অচেতন অৱস্থাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰি ততাতৈয়াকৈ ভৰ্তি কৰে চিকিৎসালয়ত ৷ বৰ্তমান সংকটমুক্ত গৌতম কলিতা ৷ আনহাতে ডকাইতি কাণ্ডৰ খবৰ লাভ কৰি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত।




































