পশ্চিম এছিয়াত আমেৰিকা আৰু ইৰানৰ মাজত উত্তেজনা দিনে দিনে বৃদ্ধি পাইছে। আমেৰিকাই যদি কোনো ধৰণৰ সামৰিক আক্ৰমণ কৰে, তেন্তে তাৰ যোগ্য আৰু শক্তিশালী প্ৰত্যুত্তৰ দিবলৈ ইৰান সম্পূৰ্ণৰূপে সাজু বুলি স্পষ্ট কৰি দিলে তেহৰানে।
ইৰানৰ বৈদেশিক মন্ত্ৰী আব্বাস আৰঘচিয়ে সমাজিক মাধ্যমযোগে জানিবলৈ দিয়ে যে, ইৰানৰ সশস্ত্ৰ বাহিনী সম্পূৰ্ণ সতর্ক অৱস্থাত আছে। তেওঁ কয়, ইৰানৰ ভূখণ্ড, আকাশসীমা বা জলসীমাত কোনো আক্ৰমণ হ’লে তৎক্ষণাৎ কঠোৰ প্ৰতিক্ৰিয়া জনোৱা হ’ব।
এই উত্তেজনাৰ মাজতে আমেৰিকাৰ শক্তিশালী ৰণতৰী USS Abraham Lincoln পশ্চিম এছিয়া সংলগ্ন সমুদ্ৰত উপস্থিত হৈছে। যুদ্ধবিমান বহন কৰিব পৰা এই ৰণতরীক কেন্দ্ৰ কৰি অঞ্চলটোত আতংক আৰু উৎকণ্ঠা বৃদ্ধি পাইছে। ইয়াৰ পূৰ্বেই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে পশ্চিম এশিয়ালৈ “ডাঙৰ নৌবহৰ” পঠোৱাৰ হুঁশিয়াৰি দিছিল।
পৰমাণু চুক্তি সন্দৰ্ভত আৰঘচিয়ে কয়, ইৰান সদায়ে ন্যায্য আৰু পক্ষপাতহীন পৰমাণু নিৰস্ত্ৰীকৰণ চুক্তিৰ বাবে আলোচনাত বহিবলৈ প্ৰস্তুত। কিন্তু সেই চুক্তিত কোনো জোৰ-জবৰদস্তি, হুমকি বা একপক্ষীয় সুবিধা থাকিব নালাগে।
ইৰানে পুনৰ স্পষ্ট কৰে যে, তেওঁলোকৰ পৰমাণু কাৰ্যকলাপ কেৱল শান্তিপূৰ্ণ উদ্দেশ্যৰ বাবে। পৰমাণু অস্ত্ৰ নিৰ্মাণৰ কোনো ইচ্ছা তেওঁলোকৰ নাই বুলি দাবী কৰে তেহৰানে।
উল্লেখযোগ্য যে, পৰমাণু চুক্তিক লৈ যোৱা বছৰ ইৰান আৰু ইজৰাইলৰ মাজত সংঘৰ্ষ হৈছিল। আমেৰিকাইও সেই সংঘৰ্ষত জড়িত হৈ ইৰানৰ একাধিক পৰমাণুকেন্দ্ৰত আক্ৰমণ চলাইছিল।
বৰ্তমান পৰিস্থিতিত পশ্চিম এশিয়াত যিকোনো সময়তে উত্তেজনা অধিক গভীৰ হোৱাৰ আশংকা প্ৰকাশ পাইছে।






























