চত্তীসগঢ়ৰ বিজাপুৰ জিলাত নিৰাপত্তা বাহিনীৰ স’তে সংঘর্ষত মৃত্যু দুজন মাওবাদী। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মাওবাদী বিৰোধী অভিযান চলি থকাৰ মাজতেই বৃহস্পতিবাৰে পুৱা বিজাপুৰৰ এখন ঘন জংঘলত মাওবাদীৰ উপস্থিতিৰ খবৰ পোৱা যায়।
সেই তথ্যৰ ভিত্তিতেই জিলাৰ দক্ষিণ প্ৰান্তত আৰক্ষীয়ে অভিযান অধিক তীব্ৰ কৰি তোলে ।আৰক্ষী সূত্ৰে জানিব পৰা মতে, ডিষ্ট্ৰিক্ট ৰিজাৰ্ভ গাৰ্ড (DRG) আৰু আৰক্ষীৰ এক যৌথ বাহিনীয়ে উক্ত জংঘলত তল্লাচি অভিযান আৰম্ভ কৰে।
সেই সময়তে মাওবাদীৰ দলটোৱে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি গুলীচালনা আৰম্ভ কৰে। ওলোটাই গুলীচালনা কৰে বাহিনীয়েও। পুৱা প্ৰায় সাত বজাৰ পৰা দুয়োপক্ষৰ মাজত তীব্ৰ গুলীৰ যুদ্ধ চলে।
কিছু সময় ধৰি চলা সংঘর্ষত দুজন মাওবাদীৰ মৃত্যু হয় বুলি প্ৰাথমিকভাৱে নিশ্চিত কৰা হৈছে।
আৰক্ষীয়ে জানিবলৈ দিয়ে যে, ঘটনাস্থলীৰ পৰা দুটা মৃতদেহ উদ্ধাৰ কৰা হৈছে। লগতে মৃত মাওবাদীৰ দেহৰ কাষৰ পৰা একে-৪৭ ৰাইফল, ৯ এম এম পিস্তল আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হৈছে।
অঞ্চলটোত এতিয়াও মাওবাদীৰ সন্ধানত তল্লাচি অভিযান অব্যাহত আছে। মাওবাদীৰ সংখ্যা কিমান আছিল, সেয়া এতিয়াও স্পষ্ট নহয়।






























