Accident in Golokganj:অসম -পশ্চিমবংগ সীমান্তৱৰ্তী গোলকগঞ্জৰ আগমনি বৃদ্ধি পাইছে ইটা কঢ়িওৱা বাহনৰ দৌৰাত্ম্য

বেলগুৰি সত্ৰশাল পথত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল ইটা কঢ়িওৱা পিকআপ ভেন

WhatsApp Image 2026 01 29 at 12.06.28 PM

Accident in Golokganj:

অসম -পশ্চিমবংগ সীমান্তৱৰ্তী গোলকগঞ্জৰ আগমনিত দিনক দিনে বৃদ্ধি পাইছে ইটা কঢ়িওৱা বাহনৰ দৌৰাত্ম্য। লাইচেঞ্চ বিহীন চালকৰ অতপালিত অতিষ্ঠ পথচাৰী। আনকি কৰ ফাঁকি দিয়াৰ উদ্দেশ্যে ব্যৱহাৰ কৰে ভিতৰুৱা পথ।

বৃহস্পতিবাৰে পুৱা বেলগুৰি সত্ৰশাল পথৰ পাবৰছৰাত তীব্ৰ গতিত অহা ডব্লিউ বি ৭৩ডি-৮৮৫৭ নম্বৰৰ ইটা কঢ়িওৱা পিকআপ ভেন এখন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে। ফলত গুৰুতৰভাবে আহত হয় চালকজন। চালকজন পশ্চিমবংগৰ গোপালেৰকুঠীৰ আজিদুল হকৰ ৷

উল্লেখ্য যে, ড্ৰাইভিং লাইচেন্স নোহোৱাকৈ বাহন খন চলাইছিল চালকজনে। আনহাতে সেই সময়ত বিদ্যালয় অভিমুখে আহি থকা ছাত্ৰ -ছাত্ৰী দৈব্যক্ৰমে ৰক্ষা পৰে ৷ স্থানীয় লোকৰ অভিযোগ আৰক্ষীৰে গোপন মিতিৰালি থকাৰ বাবে দৈনিক ড্ৰাইভিং লাইচেন্স নোহোৱা চালকে চলাই অহা বাহনৰ টিঘিলঘিলনী বৃদ্ধি পাইছে আগমনি ৷ ৰাইজে প্ৰশাসনক ড্ৰাইভিং লাইচেন্স নোহোৱাকৈ চলোৱা বাহন সমূহ জব্দ কৰি জৰিমনা বিহিবলৈ দাবী জনাইছে।

Exit mobile version