Amit Shah:
দুদিনীয়া কাৰ্যসূচীৰে আজি পুনৰ অসমত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ । গৃহমন্ত্ৰী গৰাকীয়ে বিএছএফৰ বিশেষ বিমানেৰে ডিব্ৰুগড়ৰ বিমান বন্দৰ উপস্থিত হ’ব সন্ধিয়া ভাগত। বিমান বন্দৰৰ পৰা অমিত শ্বাহে পোনে পোনে ৰাওনা হ’ব মনোহাৰী ৰিজ’ৰ্টলৈ I নিশাটো মনোহাৰী ৰিজ’ৰ্টত কটাব অমিত শ্বাহে I শুকুৰবাৰে পুৱা এঘাৰ বজাত খনিকৰ খেলপথাৰত ডিব্ৰুগড়ত নিৰ্মাণ হ’বলগীয়া অসম বিধানসভাৰ দ্বিতীয়টো ভৱনৰ আধাৰশিলা স্থাপন সহ ৪৪৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া অত্যাধুনিক বহুমুখী ক্ৰীড়া প্ৰকল্পৰ লগতে আন ৫টা প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ কৰিব গৃহমন্ত্ৰী শ্বাহে I
উল্লেখ্য যে গৃহমন্ত্ৰী গৰাকীয়ে ধেমাজিত অনুষ্ঠিত হৈ থকা মিচিং ফেষ্টিভেলত যোগদান কৰাৰ কথা ৷ গৃহমন্ত্ৰীয়ে সন্ধিয়া গুৱাহাটীস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়তৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাৰে এক বৈঠকতো অংশ ল’ব।
