Social media:✒️প্ৰাপ্তবয়স্ক হোৱাৰ আগতেই সামাজিক মাধ্যম ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ কৰিছে ডেনমাৰ্ক, অষ্ট্ৰেলিয়া আৰু ফ্ৰান্সে। সেই পথেই আগবঢ়াৰ প্ৰস্তুতি চলাইছে ইংলেণ্ডো। এইবাৰ ভাৰততো শিশু-কৈশোৰৰ সামাজিক মাধ্যম ব্যৱহাৰত নিয়ন্ত্ৰণ আৰোপ হোৱাৰ ইংগিত স্পষ্ট হৈছে।
বৃহস্পতিবাৰে সংসদত দাখিল কৰা এখন সমীক্ষা প্ৰতিবেদনত চৰকাৰৰ ফালৰ পৰা কোৱা হয়— অনলাইন আসক্তি কমাবলৈ অনলাইন ক্লাছৰ ব্যৱহাৰ সীমিত কৰা উচিত। অনলাইন শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত নিৰ্দিষ্ট বয়স সীমা নিৰ্ধাৰণ কৰাৰ পৰামৰ্শও আগবঢ়োৱা হৈছে।
প্ৰতিবেদনত বিদ্যালয়সমূহক আহ্বান জনোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলক ভাৰ্চুৱেল জগতৰ স’তে সুস্থ সম্পৰ্ক কেনেকৈ গঢ়িব লাগে, সেই বিষয়ে শিক্ষাদান কৰা হয়।
একে সময়তে শিক্ষাদানৰ ক্ষেত্ৰত সহজ আৰু বিকল্প শিক্ষাসামগ্ৰী ব্যৱহাৰৰ পৰামৰ্শ দিয়া হৈছে।
ইয়াৰ লগতে অনলাইন জুৱা, অনুপযুক্ত বিজ্ঞাপন আদিৰ প্ৰতি সতৰ্কতা জাৰি কৰা হৈছে। ছাইবাৰ নিৰাপত্তা আৰু মানসিক স্বাস্থ্যৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ কথা কোৱা হৈছে।
পৰামৰ্শ দিয়া হৈছে নিৰ্দিষ্ট স্ক্ৰিন টাইম অনুসৰণৰ আৰু ভাৰ্চুৱেল জগতৰ বাহিৰে বিভিন্ন সৃজনশীল কামত শিশু-কিশোৰক উৎসাহিত কৰাৰ।
অভিভাৱক-অভিভাৱিকাসকলৰ প্ৰতি আহ্বান— মোবাইল, লেপটপ, কম্পিউটাৰ, টেবলেট আদি শিশুসমূহৰ বাবে সহজলভ্য নকৰিব। নবালক-নাবালিকাৰ অনলাইন আসক্তি কমাবলৈ অভিভাৱকৰ বাবে কৰ্মশালা আয়োজনৰ পৰামৰ্শও দিয়া হৈছে।
সমীক্ষাৰ মতে, অনলাইন আসক্তি কমিলে যৌনতা আৰু হিংসাত্মক আচৰণৰ দৰে সমস্যাও বহু পৰিমাণে নিয়ন্ত্ৰণত অনা সম্ভৱ।






























