Donald Trump:
মার্কিন গৃহমন্ত্রী ডগ বৰ্গমক মন্ত্রিত্ব প্রদানৰ সন্দৰ্ভত এক চাঞ্চল্যকৰ মন্তব্য কৰিলে। ট্রাম্পে কয় যে তেওঁ বর্গমক মন্ত্রী পাতিছিল কিয়নো তেওঁৰ পত্নী কেথৰিন অতি সুন্দৰী মহিলা। কালি হোৱাইট হাউছৰ এক অনুষ্ঠানত অংশ লোৱাৰ সময়ত ট্রাম্পে কৈছিল যে কেথৰিনক তেওঁ প্ৰথমবাৰ এক ভিডিঅ’ত ঘোঁৰাচালনা কৰা প্রত্যক্ষ কৰিছিল আৰু তাৰ পাছত তেওঁ কেথৰিনৰ বিষয়ে তথ্য আহৰণ কৰিছিল। ট্রাম্পে ক’লে, ‘মই তেওঁ (কেথৰিন)ৰ বিষয়ে কেইজনমানক সুধিছিলো। তাৰ পাছতে মই কৈছিলো যে আমি বর্গমক মন্ত্রিত্ব দিম, কিয়নো যিজন মানুহৰ তেনে এগৰাকী সুন্দৰী পত্নী থাকিব… সেয়া সঁচাকৈয়ে প্রশংসাৰ যোগ্য।’
ট্রাম্পে বর্গমকো প্রশংসা কৰি কয় যে তেওঁ এজন সফল ৰাজনীতিক হোৱাৰ লগতে সফল ব্যৱসায়ীও। ট্রাম্পে বৰ্গম আৰু কেথৰিনক এইদৰে প্ৰশংসা কৰাৰ সময়ত হোৱাইট হাউছৰ অনুষ্ঠানত দুয়ো উপস্থিত আছিল। ট্রাম্পৰ কেথৰিন প্রশংসাত হোৱাইট হাউছৰ সভাত উপস্থিত সকলোৱে হাঁহিবলৈ বাধ্য হৈছিল। উল্লেখ্য যে ট্রাম্পে পূর্বেও বহু মহিলাক এইদৰে মুক্তভাৱে প্রশংসা কৰি আহিছে।



































