Maha Mritunjay Temple in Nagaon:
নগাঁও চহৰৰ পাশ্বৱৰ্তী ভেৰভেৰীস্থিত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ নগাঁৱৰ মহা মৃত্যুঞ্জয় মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে আজিৰ পৰা পুনৰ মুকলি হ’ল ৷ পুনৰ নিৰ্মাণৰ বাবে ১৬ জানুৱাৰীৰ পৰা ভক্তৰ বাবে বন্ধ কৰি দিয়া হৈছিল মন্দিৰৰ দুৱাৰ ৷
মহা মৃত্যুঞ্জয় মন্দিৰৰ পুনৰ নিৰ্মাণৰ সম্পন্ন হোৱাৰ পিছত ১৫ দিনৰ অন্তত শনিবাৰে পুৱাই ভক্তৰ বাবে মুকলি হয় মন্দিৰৰ দ্বাৰ ৷ পুৱাই সম্পূৰ্ণ বৈদিক ৰীতিনীতি অনুসৰি পুজাৰীয়ে আৰম্ভ কৰে পূজাঅৰ্চনা ৷ একেদৰে মন্দিৰ দৰ্শনৰ বাবে পুৱাৰে পৰা ভক্তৰ লানিনিচিঙা সোঁত পৰিলক্ষিত হয় ৷
