Maharasta:
অলপতে এক বাৰামতীত এক বিমান দুৰ্ঘটনাত দুর্ঘটনাত অকাল মৃত্যুক সাবটি লোৱা মহাৰাষ্ট্ৰৰ অন্যতম উপ-মুখ্যমন্ত্রী তথা এনচিপিৰ মুৰব্বী অজিত পাৱাৰৰ পত্নী সুনেত্রা পাৱাৰক দলে ৰাজ্যখনৰ নতুন উপ-মুখ্যমন্ত্ৰী ৰূপে বাছনি কৰে ৷
দলীয় সূত্ৰই সদৰী কৰা অনুসৰি, এনচিপিয়ে সুনেত্রাক দলৰ নেত্ৰীৰূপে বাছনি কৰি এই পদত স্থলাভিষিক্ত কৰিবলৈ যো-জা চলাই। উল্লেখ্য যে যোৱা বুধবাৰে গৃহ চহৰ বাৰামতীত বিমান ভূপতিত হৈ ৬৬ বছৰীয়া পাৱাৰৰ মৃত্যু হোৱাৰ পাছত মহাৰাষ্ট্ৰৰ মন্ত্রী চগন ভূজবলে ইংগিত দিয়ে যে প্রয়াত স্বামীৰ ভূমিকা চৰকাৰত পালনৰ দৌৰত সুনেত্রা সকলোতকৈ আগত আছে।
এই ক্ষেত্রত অস্বাভাৱিকতা একো নাই আৰু নেত্ৰী গৰাকীক উপ-মুখ্যমন্ত্রীৰ দায়িত্ব প্রদান কৰাটো বহু লোকে বিচাৰে বুলিও তাৎপর্যপূর্ণ মন্তব্য কৰে। মন্ত্রী ভূজবলে লগতে কয়, ‘বর্তমানে খালী হৈ থকা উপ-মুখ্যমন্ত্ৰীৰ পদটো সুনেত্রা পাৱাৰে পূৰ্ণ কৰিব পাৰে। শনিবাৰে মূলতঃ দলপতি নির্বাচনৰ উদ্দেশ্যে এনচিপিৰ বিধায়িনী দলৰ সভা অনুষ্ঠিত হয় । উল্লেখ্য যে সম্প্রতি সুনেত্রা পাৱাৰে ৰাজ্যসভাৰ সাংসদৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।
মনকৰিবলগীয়া যে সুনেত্ৰা তেওঁ উপ-মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্রহণ কৰিলে ছমাহৰ ভিতৰত কোনো সমষ্টিৰ পৰা বিধানসভালৈ নির্বাচিত হ’ব লাগিব। প্ৰাপ্ত খবৰ অনুসৰি, স্বামী পাৱাৰৰ গৃহ সমষ্টিৰ পৰা সুনেত্রাই উপ-নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে। সূত্রই লগতে প্ৰকাশ কৰা অনুসৰি, দুই বজাত মুম্বাইস্থিত বিধান ভৱনত সুনেত্রাক দলপতি নির্বাচনৰ উদ্দেশ্যে এনচিপিৰ এক বিধায়িনী দলৰ সভা অনুষ্ঠিত হ’ব। এই সভাৰ পাছতে সন্ধিয়া নেত্ৰী গৰাকীয়ে উপ-মুখ্যমন্ত্রী ৰূপে শপত গ্রহণ কৰিব ৷ সুনেত্ৰাই শপত গ্ৰহণ কৰাৰ লগে লগে তেৱেই হ’ব ৰাজ্যখনৰ প্ৰথম গৰাকী মহিলা উপ-মুখ্যমন্ত্রী।
লক্ষ্যণীয়ভাৱে দলৰ কাৰ্যকৰী সভাপতি প্রফুল পেটেলেও সুনেত্রালৈ সেউজ সংকেত দিছে। পেটেলে কয় যে সুনেত্রাক লৈ দলৰ অভ্যন্তৰত কোনো বিৰোধিতা নাই। একেদৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্রী দেবেন্দ্ৰ ফড়নবিচেও স্পষ্ট কৰি দিছে যে ৰাজ্য চৰকাৰে এনচিপিৰ আভ্যন্তৰীণ সিদ্ধান্তক সম্মান জনাব। এই সম্পর্কত তেওঁ আৰু কয়, ‘সিদ্ধান্ত এনচিপিয়ে গ্রহণ কৰিব আৰু আমি সেই সিদ্ধান্তক সমর্থন জনাম। এনচিপিয়ে হওক বা পাৱাৰৰ পৰিয়ালেই হওক, আমি চৰকাৰ আৰু বিজেপি ৰূপে তেওঁলোকৰ কাষত শক্তিশালী ভাৱে থাকিম।’
উল্লেখ্য যে এনচিপিৰ মুৰব্বী পাৱাৰে শেহতীয়াভাৱে পুনৰ খুড়াক শাৰদ পাৱাৰৰ ওচৰলৈ ঘূৰি যোৱাৰ ইংগিত দিয়াৰ পাছতে তেওঁ বিমান দুর্ঘটনাত আন চাৰিজন লোকসহ প্রাণ হেৰুৱায়।
