বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী
এই পৃথিৱীত এনে কিছুমান দুর্দান্ত গাড়ী আছে যিবোৰৰ গৰাকী হোৱাৰ সপোন প্রতিজন গাড়ী-প্রেমীয়ে দেখে। কিন্তু সপোন দেখিলেও সকলোৱে ইয়াক কিনিব নোৱাৰে। কাৰণ বর্তমান এই গাড়ীবোৰৰ দাম কে’বা নিযুত ডলাৰ। সর্বাধুনিক ডিজাইন, আকর্ষণীয় বৈশিষ্ট্যৰে সুসজ্জিত বিশ্বৰ এনে শ্রেষ্ঠ বিলাসী গাড়ী কেইখনমানৰ বিষয়ে জানো আহকচোন…
লা ফেৰাৰী দাম: ১.৪ নিযুত
মার্কিন ডলাৰ
লা ফেৰাৰী হৈছে বিশ্বৰ অন্যতম জনপ্রিয় বিলাসী গাড়ী। ইয়াৰ মূল্য ১.৪ নিযুত মার্কিন ডলাব। ২০১৩ত ইয়াক প্রথমবাৰৰ বাবে মুকলি কৰা হৈছিল। তেতিয়া ইয়াৰ এক হাইব্রিড ছেটআপ আছিল, যিয়ে ১৫০ ব্রেক হৰ্ছপাৱাৰ আৰু ৯০০ এনএম টর্ক উৎপন্ন কৰিছিল। ইয়াৰ গতিবেগ ৩৪৫ কিলোমিটাৰ। এই বাহনখন হৈছে এতিয়ালৈকে বজাৰলৈ অহা অন্যতম দ্রুতবেগী ফেৰাৰী মডেল।
বুগাট্টি বলিডে দামঃ তিনি নিযুত মার্কিন ডলাৰ এই গাড়ীখনত আছে এক্সট্রিম ট্রেক ফ’কাচ, ৮.০ লিটাৰৰ ৮.০ ইঞ্জিন, যি ডব্লিউ-১৬ৰ দ্বাৰা চালিত। এই গাড়ীখনৰ মূল বৈশিষ্ট্য হৈছে এৰ’ডাইনেমিক্স আৰু ওজনৰ অনুপাত জোখাৰ শক্তি। গাড়ীখনে ১৮২৪ বিএইছপি আৰু ১৮৫০ এনএম টর্ক উৎপন্ন কৰে।
এস্টন মার্টিন ভেলকিৰি দামঃ ৩.৪ নিযুত মার্কিন ডলাৰ এই গাড়ীখনৰ ছয়-পাঁচ লিটাৰৰ ভি১২ ইঞ্জিনে ১১৬০ বিএইছপি আৰু ৯০০ এনএম টর্ক প্রদান কৰে। ইয়াৰ শীর্ষ গতিবেগ ঘণ্টাত ৩৩০ কিলোমিটাৰতকৈও অধিক। এতিয়ালৈকে এই গাড়ীখনৰ ১৫০ ইউনিট উৎপাদন কৰা হৈছে। ইয়াৰ এখন এএমআৰ-প্রো ভেবিয়েন্টো আছে, যি হৈছে ৪০২ কেএমপিৰ স’তে এখন ট্রেক-অনলি মডেল।
বেন্টলি মুলিনাৰ বাকালাৰ দাম: ১.৯ নিযুত মার্কিন ডলাৰ চিকচিকিয়া হুডৰ স’তে অত্যন্ত বিলাসী এই মডেলখনৰ আৰ্হি চালে চকুৰোৱা। দেখাত প্রায় বেণ্টলীৰ দৰেই লগা এই মডেলৰ টেগলাইন হৈছে ‘আল্টিমেট এক্সপ্রেছন অর অ’পেন লাক্সাৰী।’ ইয়াত আছে ০.৬ লিটাৰৰ ডব্লিউ ১২ টার্বোচার্জড ইঞ্জিন, যাৰ সর্বোচ্চ শক্তি উৎপাদন আৰু টর্ক ক্রমে ৬৫০ বিএইছপি আৰু ৯০০ এনএম। গাড়ীখনৰ শীর্ষ গতিবেগ ঘণ্টাত ৩২২ কিলোমিটাৰ।
পিনিনফাৰিনা বাটিষ্টা দামঃ ২.৫ নিযুত মার্কিন ডলাৰ গাড়ীখনৰ নাম ইয়াৰ প্রতিষ্ঠাপকৰ নামেৰে নামকৰণ কৰা হৈছে। ই এখন বিদ্যুৎ চালিত গাড়ী। এই বাহনখনৰ বেটাৰীৰ শক্তি হৈছে প্রতি ঘন্টাত ১২০ কিলোবাট পর্যন্ত। প্রতিটো চকাৰ বাবে চাৰিটা মটৰ আছে। গাড়ীখনৰ শীর্ষ গতিবেগ প্রতি ঘন্টাত ৩৫০ কিলোমিটাৰ।
মেকলেবেন পি ১ দামঃ ১.০ নিযুত মার্কিন ডলাৰ মেকলেৰেন পি ১ হৈছে কিংবদন্তি মেকলেবেন এফ ১ৰ উত্তৰাধিকাৰী। এই বাহনখন হাইব্রিড ছেটআপত চলিব পৰা এখন সীমিত সংস্কৰণৰ গাড়ী। ২০১৩ত ইয়াক প্ৰথমবাৰৰ বাবে মুকলি কৰা হৈছিল। গাড়ীখনত ৩.৮ লিটাৰৰ টুইন টার্বো চার্জড ভি৮ ইঞ্জিন আছে, যিয়ে ৭২৭বিএইছপি আৰু ৭২৭ এনএম টর্ক উৎপন্ন কৰে।
পাগানি হুয়াইৰা দাম: ১.৪ নিযুত মার্কিন ডলাৰ পাগানিয়ে প্রস্তুত কৰা এই বাহনখন বিশ্বৰ সর্বাধুনিক বিলাসী আৰু ধুনীয়া গাড়ীসমূহৰ অন্যতম। সৌন্দর্য আৰু শিল্পৰ সমন্বয় ঘটিছে পাগানি হুয়াইবাত। ইয়াৰ নতুন মডেলৰ মূল্য ১৪ লাখ মার্কিন ডলাব। গাড়ীখন প্রিমিয়াম পার্টছ আৰু মেটেৰিয়েল, চামৰা আৰু এলুমিনিয়ামৰ দ্বাৰা নির্মিত। পাগানি হুয়াইৰাত আছে এএমজি ভিৰচ ইঞ্জিন যিয়ে ৭৩০ বিএইছপি শক্তি উৎপাদন কবে আৰু যাৰ ত্বৰণ সময় ২.৮ ছেকেণ্ড। ইয়াৰ সর্বোচ্চ গতিবেগ প্রতি ঘণ্টাত ৩৮৩ কিলোমিটাৰ।
লোটাছ ইবিজা দামঃ ২.১ নিযুত মার্কিন ডলাৰ লোটাছ ব্ৰেণ্ডৰ এই আটকধুনীয়া মল্লেখন হৈছে এখন বিদ্যুৎচালিত বাহন। গাড়ীখন ২০০০ বিএইছপিৰ বৈদ্যুতিক মটৰৰ দ্বাৰা চালিত। নি
মাৰ্চিডিজ এএমজি
দামঃ ২.৭ নিযুত মার্কিন ডলাৰ গাড়ীখন যান্ত্রিকভাবে মার্চিডিজ এফ-১১ পৰা অনুপ্রাণিত হৈছে। মার্চিডিজ এফ-১১ দৰেই মার্চিডিজ এএমজিতো আছে ১.৬ লিটাৰ আৰু পাঁচ ইলেক্ট্রিক মটৰ। ১২০০ বিএইছপি শক্তি উৎপাদন কৰিব পৰা বাহনখনে ০-১০০ কেএমপি স্পীড মাত্র ২.২ ছেকেণ্ডতে অতিক্রম কৰিব পাৰে। উল্লেখ্য যে এই গাড়ীখনৰ শীর্ষ গতিবেগ ঘণ্টাত ৩৫০ কিলোমিটাৰ।
