Union budget:✒️ফেব্ৰুৱাৰী মাহৰ পাছত চিগাৰেটৰ দাম কিমান বাঢ়িব, সেই লৈ যোৱা কেইসপ্তাহমান ধৰি চলি আহিছিল তীব্ৰ চৰ্চা। অৱশেষত বাজেট ঘোষণাৰ পাছতে ছবিখন স্পষ্ট হ’ল । অতিৰিক্ত আবকাৰী শুল্ক কার্যকৰী হোৱাৰ ফলত ১০টা চি থকা এটা পেকেটৰ দাম সৰ্বনিম্ন ২২ৰ পৰা ২৫ টকা পৰ্যন্ত বৃদ্ধি পাব।
ডাঙৰ আৰু প্ৰিমিয়াম চিগাৰেটৰ ক্ষেত্ৰত এই বৃদ্ধি প্ৰতি পেকেটত প্ৰায় ৫০ৰ পৰা ৫৫ টকালৈ হ’ব পাৰে।
বিতৰকসকলৰ মতে, চিগাৰেটৰ দাম সম্পূৰ্ণৰূপে ব্ৰেণ্ড আৰু দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰশীল। উদাহৰণস্বৰূপে, ৭৬ মিলিমিটাৰ দৈৰ্ঘ্যৰ প্ৰিমিয়াম চিগাৰেটৰ (১০টা থকা পেকেট) দাম ৫০–৫৫ টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে।
যদিও এতিয়ালৈ কোনো চিগাৰেট উৎপাদনকাৰী সংস্থাই সংশোধিত এমআৰপি ঘোষণা কৰা নাই, তথাপি ৪০ শতাংশ জিএছটিৰে পুৰণি ষ্টকৰ চিগাৰেট বজাৰত চলি আছে।
বিতৰকসকলৰ আশা, সোমবাৰৰ পৰা নতুন দৰত নতুন পেকেট বজাৰত উপলব্ধ হ’ব।
প্ৰাথমিক তথ্য অনুসৰি, আগতে ৯৫ টকাত বিক্ৰী হোৱা উইলছ নেভি কাট (৭৬ মিমি) পেকেটৰ দাম এতিয়া প্ৰায় ১২০ টকা হ’ব। একেদৰে ৮৪ মিলিমিটাৰ দৈৰ্ঘ্যৰ চিগাৰেট (গোল্ড ফ্লেক লাইটছ, উইলছ ক্লাছিক আদি) যিবোৰৰ দাম আগতে ১৭০ টকা আছিল, সেয়া এতিয়া ২২০ৰ পৰা ২২৫ টকাৰ ভিতৰত থাকিব বুলি অনুমান। ৯৭ মিলিমিটাৰ দৈৰ্ঘ্যৰ পাতল চিগাৰেট পেকেট (২০টা) যাৰ মূল্য ৩০০ টকা আছিল, সেয়া বৃদ্ধি পাই প্ৰায় ৩৫০ টকা হ’ব পাৰে।
ইফালে, অল ইণ্ডিয়া কনজিউমাৰ প্ৰডাক্টছ ডিষ্ট্ৰিবিউটৰ্ছ ফেডাৰেশ্যনে সতৰ্ক কৰি দিছে যে নতুন কৰ কাঠামোৰ সুযোগ লৈ ইতিমধ্যে চিগাৰেটৰ কলাবজাৰ আৰম্ভ হৈছে। মাহৰ শেষফালে উৎপাদনকাৰী সংস্থাসমূহে নতুন এমআৰপি সহ পেকেট বজাৰত আনিব বুলি আশা কৰা হৈছে।






























