সকলোৰে মনতে এটা প্রশ্ন উঠিছিল যে কণী আগত নে মুর্গী আগত আহিছিল পৃথিৱীলৈ? অৱশ্যে ইতিমধ্যে এই প্রশ্নৰ উত্তৰ বিজ্ঞানীসকলে বিচাৰি উলিয়াইছে। যদিও আন এটা প্রশ্নই বহুতৰে মনত উঁকি মাৰিব পাৰে। সেয়া হৈছে কমলাৰ ৰং নে ফলবিধ আগত আহিছিল?
যিসকলে ইতিহাস ভাল পায়, তেওঁলোকৰ বাবে এয়া আকর্ষণীয় কথা যে সুস্বাদু ফল কমলাৰ উৎপত্তি হৈছিল গ্রীষ্ম মণ্ডলীয় দক্ষিণ-পূৱ এছিয়াত। বিশেষকৈ উত্তৰ-পূব ভাৰত, ম্যানমাৰ আৰু দক্ষিণ চীনত। আৰবৰ বাণিজ্যিক পথসমূহেই এই ফলক ভূমধ্য সাগৰীয় অঞ্চলত বিয়পাই দিয়ে।
পাছত ই বিশ্বৰ অন্যান্য অংশলৈ বিয়পি পৰে আৰু এবিধ বহুল প্রচলিত তথা জনপ্রিয় ফলত পৰিণত হয়।এটা কথা স্পষ্ট যে কমলাব ফলেই আগতে আহিছিল, বং নহয়। সম্ভৱতঃ কমলাৰ আচল নামটো আহিছে দক্ষিণ এছিয়াৰ পৰা।
উত্তৰ-পশ্চিমৰ ফালে বিয়পি পৰাৰ লগে লগে বিভিন্ন ভাষাত ফলটোৰ নামত পৰিৱর্তনে দেখা দিয়ে। এই নামটো ব্যৱহাৰৰ প্রাচীনতম নথি ১৩০০ৰ দশকৰ। শব্দটোৰ অনেক অনুৰূপ দেখা গৈছিল, বিশেষকৈ ইটালীত। ইয়াৰ প্ৰধান কাৰণ আছিল, মধ্যযুগত আৰবৰ বণিকসকলে ছেভিয়া কমলা এই অঞ্চললৈ আনিছিল তথা ফল আৰু তাৰ নামটো বিয়পাই দিয়াত সহায় কৰিছিল। কোৱা হয় যে কমলা শব্দটো দক্ষিণ ভাৰতীয় শব্দ ‘নাবান্দাম’ৰ পৰা উদ্ভব হৈছে। যাৰ অৰ্থ ‘টেঙা কমলা’।
ই সংস্কৃতত ‘নাৰংগ’ (কমলা গছ), পাৰ্ছি ভাষাত ‘নাবাং’ আৰু আৰবীত ‘নাবাঞ্জ’ নামেৰে পৰিচিতি লাভ কৰে। যেতিয়া আৰৱৰ ব্যৱসায়ীসকলে ইয়াক ইউৰোপলৈ লৈ যায়, তেতিয়া বহুতে কমলাক আপেলৰ লগত তুলনা কৰিছিল। সেয়ে কিছু বাক্যাংশৰ আক্ষৰিক অনুবাদ কৰিলে হয়গৈ ‘কমলা আপেল’।
ফৰাচীসকলে এই ৰসাল ফলৰ নাম বাখিছিল ‘পমে দ’ অৰেঞ্জ’। ইটালীয়সকলে নাম দিছিল ‘নাৰানজা’ বা ‘নাৰান্স’। ইটালীয়সকলে ইয়াক ‘মেলাৰঞ্চিও’ বুলিও কৈছিল। জার্মানসকলৰ ওচৰত এই ফল ‘পোমেৰানজে’ নামেৰে পৰিচিত হৈছিল। স্কটিছ আৰু ডাচ্চসকলে ইয়াক কৈছিল ‘নাৰংগ’ (কমলা গছ), পাৰ্ছি ভাষাত ‘নাৰাং’ আৰু আৰবীত ‘নাৰাঞ্জ’ নামেৰে পৰিচিতি লাভ কৰে।
যেতিয়া আৰৱৰ ব্যৱসায়ীসকলে ইয়াক ইউৰোপলৈ লৈ যায়, তেতিয়া বহুতে কমলাক আপেলৰ লগত তুলনা কৰিছিল। সেয়ে কিছু বাক্যাংশৰ আক্ষৰিক অনুবাদ কৰিলে হয়গৈ ‘কমলা আপেল’।
ফৰাচীসকলে এই ৰসাল ফলৰ নাম ৰাখিছিল ‘পমে দ’ অৰেঞ্জ’। ইটালীয়সকলে নাম দিছিল ‘নাৰানজা’ বা ‘নাৰান্স’। ইটালীয়সকলে ইয়াক ‘মেলাৰঞ্চিও’ বুলিও কৈছিল। জার্মানসকলৰ ওচৰত এই ফল ‘পোমেৰানজে’ নামেৰে পৰিচিত হৈছিল। স্কটিছ আৰু ডাচ্চসকলে ইয়াক কৈছিল ‘এপিল অৰেঞ্জ’ আৰু ‘ওৰানিয়েআপেল’।
ফলবিধে নিজস্ব নাম পোৱাৰ আগলৈকে ইয়াৰ বাবে এইবোৰ নামেই ব্যৱহাৰ হৈছিল।কমলা, অর্থাৎ এই ৰংটো অনেক পাছত আহিছিল আৰু সেয়া কেৱল ফলবিধে বিশ্বজুৰি জনপ্রিয়তা লাভ কৰাৰ পাছতহে। ১৪০০ৰ দশকৰ ভিতৰত শব্দটোৱে আনুষ্ঠানিকভাৱে ইংৰাজী ভাষাত প্ৰৱেশ কৰে।
প্ৰায় এশ বছৰৰ পাছত মানুহে সেই একেই শব্দ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে, যি ৰংটোক তেওঁলোকে আগতে ‘হালধী-ৰঙা’ বুলি উল্লেখ কৰিছিল। এই ৰঙৰ প্ৰথম ব্যৱহাৰৰ লিখিত প্রমাণ পোৱা যায় ১৫০০ৰ দশকত।






























