জ্যোতিষশাস্ত্ৰৰ এক অত্যন্ত গুৰুত্বপূর্ণ অংশ হ’ল সংখ্যাতত্ত্ব। এই সংখ্যাতত্ত্বৰ অন্যতম হ’ল জন্মসংখ্যা। অৱশ্যে জন্মসংখ্যা উলিওৱাতে কেৱল জন্মৰ তাৰিখটোকে ধৰা নহয়। জন্মব তাৰিখৰ লগতে জন্মৰ বছৰ আৰু জন্মৰ মাহ যোগ কৰি জন্মসংখ্যা উলিওৱা হয়।
উদাহৰণস্বৰূপে ধৰা হওক এজন ব্যক্তিৰ জন্ম ১৯৮৪ৰ ১০ ফেব্ৰুৱাৰীত। গতিকে ব্যক্তিজনৰ জন্মসংখ্যা উলিওৱাতে ১+৯+৮+৪+১+০+২=২৫ (ইয়াৰে ২ টো মাহৰ সংখ্যা)। এতিয়া এই ২৫ক ২+৫ কৰক। ইয়াৰ ফল ৭ ওলাব।
গতিকে ব্যক্তিজনৰ জন্মসংখ্যা হ’ল ৭। জন্মসংখ্যা অনুসৰি এজন পুৰুষ বা এগৰাকী নাৰী প্রেমিক-প্রেমিকাৰূপে কেনে সেয়া বিচাৰ কৰিব পাৰি। জন্মসংখ্যা অনুসৰি, এজন পুৰুষ বা এগৰাকী নাৰী প্রেমিক বা প্রেমিকাৰূপে এনে ধৰণৰ হয়-(১) এক জন্মসংখ্যাৰ এজন ব্যক্তি এনে ধৰণৰ হয় যে তেওঁ যাক ভাল পায়, তাৰ বাবে সমস্ত অসম্ভরক সম্ভৱলৈ ৰূপান্তৰিত কৰাৰ প্ৰৱল চেষ্টা কৰে।
অৱশ্যে প্ৰেমৰ সম্পৰ্কত জেদাজেদীৰ উদ্ভৱ হ’লে এনে এজন ব্যক্তিয়ে সংগীৰ ওচৰত তর্ক জিকাৰ চেষ্টা চলায়। তেওঁ কেতিয়াও সৰু হ’বলৈ নিবিচাৰে। তেওঁৰ নিজৰ কোনো ভুল দেখা নাপায়। অৱশ্যে সংগীৰ প্ৰতি তেওঁ যথেষ্ট যত্নশীল আৰু দায়িত্বশীল হয়।
(২) দুই জন্মসংখ্যাৰ ব্যক্তিসকল প্রেমিক-প্রেমিকাৰূপে আৱেগিক হয়। তেওঁলোকে সংগীক সর্বদা সুখী আৰু সন্তুষ্ট ৰাখিবলৈ বিচাৰে। কিন্তু সংগীৰ প্ৰতি অধিক দায়িত্বশীল হ’বলৈ যাওঁতে তেওঁলোকে নিজৰ সমস্যা মাতি আনে। নিজক দিবলৈ তেওঁলোকে সময় নাপায়। সংগীকে তেওঁলোকে সর্বোচ্চৰূপে গ্রহণ কৰে। গতিকে এনে লোক প্ৰেমৰ ক্ষেত্ৰত প্ৰতাৰিত হোৱাৰো আশংকা থাকে।
(৩) তিনি জন্মসংখ্যাৰ ব্যক্তিসকলে হাঁহি-ধেমালিৰ মাজেৰে জীৱন অতিবাহিত কৰিবলৈ বিচাৰে। প্ৰেমৰ ক্ষেত্ৰতো তেওঁলোকে এই মনোভাব বৰ্তাই ৰাখে। গতিকে এনে লোকৰ স’তে সম্পর্ক গঢ়িলে মনৰ পৰা একঘেয়ামী ভাব দূৰ হয়। এনে ব্যক্তিয়ে সদায়ে সংগীৰ স’তে নানা ৰোমাঞ্চকৰ মুহূৰ্ত কটোৱাৰ পৰিকল্পনা কৰে। ফলত বহু সময়ত এনে ব্যক্তিয়ে সম্পর্কত দেখা দিয়া জটিলতা এৰাই চলে। তাৰ পৰিৱৰ্তে আবেগঘন তথা ৰোমাণ্টিক কথা-বতৰাহে এইসকলে কামনা কৰে। গতিকে এনে ব্যক্তিৰ সংগীয়ে প্রেম-সম্পর্কক লৈ দুঃচিন্তাত ভুগিবলগীয়া নহয়।
(৪) চাৰি জন্মসংখ্যাৰ ব্যক্তিসকলে ঘপহ কৰে কাৰোৰে প্ৰেমত নপৰে। সম্ভাব্য প্রেমিক-প্রেমিকাৰ বিষয়ে আঁতি-গুৰি জানিলৈহে তেওঁলোকে প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলে। গতিকে এনে ব্যক্তিয়ে জীৱনৰ বাটত প্রেম-ৰোমাঞ্চৰ ক্ষেত্ৰত ভুল কৰাৰ সম্ভাৱনা ক্ষীণ। এনে ব্যক্তি বাস্তৱত অত্যন্ত বিশ্বস্ত আৰু ধীৰ-স্থিৰ হয়। কাৰোবাক ভাল লাগিলে এনে ব্যক্তিয়ে তেওঁৰ স’তে গোটেই জীৱন পাৰ কৰোৱাৰ সপোন দেখে। সম্পৰ্কৰ ক্ষেত্ৰত এনে ব্যক্তিয়ে এৰা-ধৰাৰ মাজেৰে চলে।
(৫) পাঁচ জন্মসংখ্যাৰ ব্যক্তিসকল বোমাঞ্চপ্রেমী হয়। একঘেয়ামী কথা-বতৰা এইসকলে ভাল নাপায়। প্ৰেমৰ ক্ষেত্ৰতো তেওঁলোকে কেতিয়াবা একঘেয়ামিতা অনুভৱ কৰে। তেতিয়াই সমস্যাৰ উদ্ভৱ ঘটাৰ আশংকা থাকে। এইসকলৰ প্ৰেমিক বা প্রেমিকাই কেতিয়াও একঘেয়ামিতা অনুভৱ নকৰে। অৱশ্যে প্ৰেমৰ ক্ষেত্রত এইসকল ব্যক্তিক সম্পূৰ্ণৰূপে আস্থাত ল’ব নোৱাৰি। কেতিয়া তেওঁলোকৰ মন সলনি হয় কোনেও ক’ব নোৱাৰে।
(৬) নিঃস্বার্থ প্রেম কাক বোলে সেয়া ছয় জন্মসংখ্যাৰ ব্যক্তিৰ ক্ষেত্রত দেখা যায়। ছয় জন্মসংখ্যাৰ জাতক-জাতিকাসকল সংগীৰ প্ৰতি অত্যন্ত কৰ্তব্যপৰায়ণ হয়। তেওঁলোকে সংগীক কোনোপধ্যে কষ্ট অনুভৱ কৰিবলৈ নিদিয়ে। নিজৰ ভালপোৱাটোতকৈ সংগীৰ ভালপোৱাক তেওঁলোকে অধিক গুৰুত্ব দিয়ে। সংগীৰ দুখ-কষ্টক নিজৰ দুখ-কষ্টৰূপে গ্রহণ কৰে। গতিকে এইসকলৰ প্ৰেমৰ সম্পৰ্ক ভাল হয়।
(৭) সাত জন্মসংখ্যাৰ জাতক-জাতিকাসকলে বহু দিশ বিবেচনা কৰিহে প্ৰেমৰ সম্পর্ক গঢ়ি তোলে। তাৎক্ষণিকভাবে তেওঁলোকে কাকো কথা নিদিয়ে। কিন্তু যাক ভাল পায়, তেওঁৰ প্ৰতি তেওঁলোকে সর্বোচ্চ উজাৰি দিয়ে। অৱশ্যে পৰিস্থিতি বিষম হ’লে তেওঁলোক আঁতৰি যোৱাৰো আশংকা থাকে। সমস্যা দূৰ হোৱাৰ পাছত তেওঁলোক পুনৰ ওচৰ চাপিব পাৰে। এইসকলে সম্পৰ্কৰ ক্ষেত্ৰত আৱেগক গুৰুত্ব দিয়ে। সংগীৰ কথা ধৈর্যসহকাৰে শুনাটো পছন্দ কৰে।
(৮) আঠ জন্মসংখ্যাৰ ব্যক্তিসকল প্ৰেমত পৰিলে গভীৰভাৱে পৰে। সংগীৰ ভাল লগা-নলগাৰ প্ৰতি তেওঁলোকে সর্বদা দৃষ্টি ৰাখে। সংগীৰ প্ৰতি তেওঁলোক অত্যন্ত কৰ্তব্যপৰায়ণ আৰু দায়িত্বশীল হয়। অৱশ্যে তাৰ মাজতে তেওঁলোকৰ আচণৰত সংগীক নিয়ন্ত্ৰণ কৰাৰো প্ৰৱণতা দেখা যায়। ফলত প্ৰেমৰ ক্ষেত্ৰত ভুল বুজাবুজিৰ আশংকা থাকে। অৱশ্যে সমস্যা সমাধানৰ ক্ষেত্রত এইসকলে দৃঢ়তা প্রদর্শন কৰে। তৎসত্ত্বেও বহু সময়ত এনে ব্যক্তিয়ে সংগীৰ ওচৰত মন খুলি ভাব প্রকাশ কৰিব নোৱাৰে।
(৯) ন জন্মসংখ্যাৰ ব্যক্তিসকল অত্যন্ত আৱেগিক হয়। এইসকলে সংগীক নিঃস্বার্থভাবে ভাল পায়। সংগীৰ প্ৰতি এইসকলৰ উচ্চাকাংক্ষা থাকে। এনে উচ্চাকাংক্ষা পূৰণ নহ’লে তেওঁলোকে অভিমান কৰে। তেওঁলোকে আশা কৰে যে তেওঁলোকৰ অভিমান সংগীয়ে ভাঙিব। কাৰণ তেওঁলোকে তাকে কৰে। কিন্তু সংগীয়ে তাকে কৰিবলৈ আগবাঢ়ি নাহিলে তেওঁলোকে মনোকষ্ট পায়।






























