Accident in Guwahati:
মহানগৰীৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সমীপত সোমবাৰে নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দ্ৰতবেগী এএছ০১-এল চি ৮৯১০ নম্বৰৰ এল্ট বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰত খুন্দা মাৰে ৷ফলত বাহন খনৰ আৰোহী এগৰাকী যুৱতী থিতাতে নিহত হয় ৷
এল্ট খনত যুৱতীৰ গৰাকীৰ স’তে থকা আন চাৰি যুৱক আহত হয় ৷ পানবজাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ যুৱক কেইজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ বিপৰীতে যুৱতী গৰাকীৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰে ৷
লতাশিল আৰক্ষীয়ে প্ৰথমটে সকলোৰে পৰিচয় জানিবলৈ সক্ষম হোৱা নাছিল যদিও পিচত সকলোৰে পৰিচয় লাভ কৰে। এল্ট’ বাহনখনত আসনত আছিল কায়ুম ছৈয়দ নামৰ এজন যুৱক । আন কেইজন আৰোহী হ’ল পাৰবিন চনী, অক্ষয় জালান, ওমৰ চৈয়দ। মৃত যুৱতী গৰাকীৰ নাম ফটাশিল আমবাৰীৰ নিহা দাস ৷ নিহা ৰাধাগোৱিন্দ বৰুৱা মহাবিদ্যালয়ৰ তৃতীয় ষান্মাষিকৰ ছাত্রী ।
নেহাৰ পৰিয়ালৰ লোকে জানিব দিয়া মতে টিউচন শেষ কৰে গৃহাভিমুখী হোৱাৰ পথত বন্ধু কেইজনক লগ পাই তেওঁলোকৰ স’তে এল্ট’ বাহনখনত উঠি যায় ৷আনহাতে সুৰাপান কৰি গাড়ী চলাইছিল বুলি আৰক্ষীৰ সন্মুখত স্বীকাৰোক্তি দিয়ে কায়ুম ছৈয়দে ৷ যাৰবাবে শোকাৱহ দুৰ্ঘটনাটি সংঘটিত হয় ৷
