Dispur Police:
কন্যা শিশুক বনকৰা হিচাপে নিয়োগ কৰি আজি হাতে-লোটে ধৰা পৰে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ অভিযন্তা বাহাৰুল হক লস্কৰ আৰু তেওঁৰ পৰিয়াল। বচপন বচাও সংস্থা, দণ্ডাধীশ আৰু শ্রম বিভাগ টাস্ক ফ’র্চে সোমবাৰে স্থানীয় ৰাইজৰ অভিযোগৰ ভিত্তিত লস্কৰৰ গুৱাহাটীৰ পাঞ্জাবাৰীৰ বাসভৱনত এক অভিযান চলায়।
স্থানীয় ৰাইজৰ সহযোগত চলোৱা এই অভিযানত লস্কৰৰ ঘৰৰ কোঠাৰ এখন ‘বক্স পালেং’ৰ ভিতৰৰ পৰা শিশুটিক উদ্ধাৰ কৰা হয়। উল্লেখ্য যে প্রায় ১০ বছৰীয়া এটি শিশুক পৰিয়ালটোৱে ঘৰৰ বনকৰা হিচাপে নিয়োগ কৰাই নহয়, মাৰপিট কৰাৰ বিষয়েও স্থানীয় একাংশ লোক অৱগত হৈছিল। তাৰপাছত তেওঁলোকে বচপন বচাও সংস্থাৰ লগত যোগাযোগ কৰে। সেই অনুসৰি আজি দণ্ডাধীশ আৰু শ্রম বিভাগৰ অভিযানকাৰী দলসহ সংস্থাটোৰ লোক লস্কৰৰ ঘৰত উপস্থিত হয়। সেই সময়ত ঘৰত লস্কৰৰ পত্নী আফ্রীন আখতাৰ লস্কৰ আৰু দুই পুত্ৰ আছিল।
তেওঁলোকে অভিযান চলাবলৈ অহা দলটোৰ আগত ঘৰত প্ৰাপ্তবয়স্ক এগৰাকী বনকৰা ছোৱালী থকা বুলি জনায় আৰু তিনিদিন পূর্বে দেউতাকৰ লগত ঘৰলৈ যোৱা বুলি কয়। ফলত দলটো উভতি যাবলৈ সাজু হয়। তেনেতে স্থানীয় একাংশ লোকে ছোৱালীগৰাকী শিশু আৰু আজি পুৱাও তেওলোকে দেখা পোৱা বুলি অভিযানকাৰী দলটোৰ আগত সদৰী কৰে। ইয়াৰ ফলত দলটো লস্কৰৰ ঘৰৰ ভিতৰত পুনৰ প্ৰৱেশ কৰি চৌদিশ তন্নতন্নকৈ পৰীক্ষা কৰে। সেই সময়তে লস্কৰৰ এজন পুত্র শুই থকা এখন বিছনা তথা ‘বক্স পালেং’ৰ ওপৰত অভিযানকাৰী দলৰ সন্দেহ উপজে। তেওঁলোকে বিছনাখন খুলি চায় আৰু তেতিয়াই ভিতৰত এটি শিশুক প্রত্যক্ষ কৰে। এনেদৰে শিশুটিক উদ্ধাৰ কৰা হয়।
ইপিনে অভিযন্তা বাহাৰুল হক লস্কৰ আৰু পত্নী আমৰিন আখতাৰৰ বিৰুদ্ধে ৬০/২৬ নম্বৰৰ এটি গোচৰ ৰজু হয় দিছপুৰ থানাত ৷
