Dr. Pravin Togadia:ডিএনএ পৰীক্ষা কৰি দুমাহৰ ভিতৰত অসম চাফা কৰিবলৈ ডঃ হিমন্ত বিশ্ব শৰ্মাক  দাবী ডঃ প্ৰবীন টোগাড়িয়াৰ 

WhatsApp Image 2026 02 03 at 2.31.40 PM

Dr. Pravin Togadia:

:অসম ভ্ৰমণৰত কট্টৰ হিন্দুত্ববাদী নেতা প্ৰবীন টোগাড়িয়াই মিঞাৰ আগ্ৰাসনক লৈ সোচ্ছাৰ হৈ পৰে ৷ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ সভাপতি গৰাকীয়ে মঙলবাৰে গুৱাহাটীত এক সংবাদদেলত কয় যে অসমত এনআৰচিৰ জৰিয়তে নাকচ কৰা ১০ লাখ মিঞা আছে ৷ এওঁলোকক অচিৰেই ডিটেনশ্বন কেম্পলৈ নিক্ষেপ কৰক। বংগমূলৰ মিঞাৰ আগ্ৰাসনে অসমত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। মিঞাই ভৌগোলিক ক্ষেত্ৰ পৰিৱৰ্তন কৰি দিছে ৷ এনেক্ষেত্ৰত অসমৰ পৰা মিঞা খেদিব লাগে ৷

ডঃ টোগাড়িয়াই আৰু কয় যে,মই এজন চিকিৎসক গতিকে মই ডিএনএ টেষ্টৰ দাবী কৰোঁ ৷এমাহৰ ভিতৰত অসমৰ মিঞাৰ বাবে ডিএনএ টেষ্ট কৰিব লাগে । আনহাতে আন্ত:ৰাষ্ট্ৰীয় হিন্দু পৰিষদে প্ৰতিখন গাঁৱত অচিৰেই চাৰ্ভে চলাব ৷ অসম মিঞা মুক্ত হবই লাগিব ৷ ১৯৫১ ভোটাৰৰ তালিকাত থকা মুছলিমসকল ভাৰতীয় ৷ ৰাম মন্দিৰ নিৰ্মাণত মই সকলোকে একেলগ কৰিছিলো ৷

অসমৰ সাম্প্ৰতিক মিঞাৰ আগ্ৰাসনক লৈ আমি অতিশয় উদ্বিগ্ন ৷ এনেক্ষেত্ৰত আমাক আন্দোলনৰ কাৰণে বাধ্য নকৰিব ৷ সেয়েহে চিআৰপিএফ আৰু আসাম ৰাইফলচৰ প্ৰতিজন জোৱানক প্ৰতিখন গাঁৱৰ দুৱাৰে দুৱাৰে অভিযান চলাবলৈ নিৰ্দেশ দিয়ক চৰকাৰে ৷ হিমন্ত বিশ্ব , মোদী, অমিত শ্বাহে একেলগে কাম কৰিব লাগিব ৷ নহ’লে অসমৰ বাবে ভয়াৱহ দিন আহি আছে ৷ এতিয়াই এক সমুচিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷

 

 

Exit mobile version